Body recovered in Bilashipara: ৰে'লৰ খুন্দাত প্ৰাণ হেৰুৱালে যুৱকে

By ETV Bharat Assamese Team

Published : Oct 25, 2023, 9:40 PM IST

thumbnail

ধুবুৰী,২৫ অক্টোবৰ : ধুবুৰী জিলাৰ বিলাসীপাৰাত সংঘটিত হয় মৰ্মান্তিক ঘটনা । বিলাসীপাৰা মহকুমাৰ হাকামা ৯ নং ৱাৰ্ডত ৰে'ল পথত সংঘটিত হয় উক্ত ঘটনাটো । নামনিমুৱা-মালবাহী ৰে'লৰ খুন্দাত থিতাতে মৃত্যু হয় এজন যুৱকৰ । ৰে'লপথত খোজকাঢ়ি থকা অৱস্থাত সংঘটিত হয় এই মৰ্মান্তিক ঘটনাটো ।  

যুৱকজন হাকামা ৯ নং ৱাৰ্ডৰ বাসিন্দা বলেন্দ্ৰ ৰায় বুলি জানিব পৰা গৈছে । ঘটনা সন্দৰ্ভত খবৰ পোৱা মাত্ৰকে ঘটনাস্থলীত বিলাসীপাৰা আৰক্ষী দল আৰু ৰে'ল আৰক্ষীৰ দল উপস্থিতিত হৈ মৃতদেহটো উদ্ধাৰ কৰি বিলাসীপাৰা থানালৈ লৈ যায় বুলি আৰক্ষীৰ সূত্ৰে জানিব পৰা গৈছে । উক্ত ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলতে বিৰাজ কৰিছে এক শোকাকুল পৰিৱেশে ।  

লগতে পঢ়ক : Fire in Dergaon: দেৰগাঁৱত ভয়ংকৰ অগ্নিকাণ্ড, ভষ্মীভূত প্লাষ্টিকৰ সামগ্ৰীৰ গুদাম

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.