SI Junmoni Rabha death case:এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ ন্যায় বিচাৰি নগাঁৱত ১৩ টাকৈ সংগঠনৰ অৱস্থান ধৰ্মঘট

By

Published : May 29, 2023, 2:20 PM IST

thumbnail

নগাঁও, 29 মে’ : অসম আৰক্ষীৰ এছ আই জোনমণি ৰাভাৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হোৱা ৰহস্য ফাদিল কৰিবলৈ অসম আৰক্ষীৰ অনুসন্ধান শাখাই তদন্ত অব্যাহত ৰখাৰ সমান্তৰালকৈ ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়া । বিগত ১৫ মে’ ত এক ৰহস্যজনক পথ দুৰ্ঘটনাত নিহত হৈছিল এছ আই জোনমণি ৰাভা (SI Junmoni Rabha death case)।  এছ আই জোনমণি ৰাভাৰ মৃত্যুক লৈ ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত থকাৰ মাজতে সোমবাৰে আৰক্ষী বিষয়াগৰাকীৰ মৃত্যুৰ ন্যায় বিচাৰি ১৩ টাকৈ জাতীয় সংগঠনে গ্ৰহণ কৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ।

এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তৰ দাবীত সোমবাৰে নগাঁও জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সমীপত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতি, টাই আহোম ছাত্ৰ সন্থাৰ নগাঁও জিলা সমিতি, বীৰ লাচিত সেনা, নিখিল ৰাভা ছাত্ৰ সন্থাৰ লগতে ১৩ টাকৈ সংগঠনৰ  জিলা সমিতিয়ে গ্ৰহণ কৰে অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী । প্ৰতিবাদস্থলীত আৰক্ষী, অৰ্ধসামৰিক বাহিনী মোতায়ন কৰিছে প্ৰশাসনে । প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ ন্যায়িক তদন্ত দাবী কৰিছে সংগঠনে (SI Junmoni Rabha news) ৷

লগতে পঢ়ক : Junmoni Rabha death case: কিয় জামিন লাভ কৰিলে ট্ৰাক চালক সুমিত কুমাৰে ?

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.