Snatching incident in Nalbari: সাৱধান, কাষত টকা পৰি থাকিলেও বুটলিবলৈ নাযাব !

By ETV Bharat Assamese Team

Published : Nov 9, 2023, 9:13 PM IST

thumbnail

নলবাৰী,৯ নৱেম্বৰ: এইবাৰ চিলনী চোৰে লৈছে নতুন কৌশল । নলবাৰীৰ ভাৰতীয় ষ্টেট বেংক নলবাৰী শাখাৰ সম্মুখৰ পৰা এক লাখ টকাৰ বেগ লৈ উধাও চিলনী চোৰ । নলবাৰীৰ বিদ্যাপুৰৰ ৰাণা দাস নামৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক গৰাকীয়ে বৃহস্পতিবাৰে দুপৰীয়া নলবাৰী আৰক্ষী থানাৰ সন্মুখতে থকা SBI শাখাৰ পৰা এক লাখ টকা উলিয়াই অনাৰ পাছতে পৰিল চিলনী চোৰৰ কৱলত  ।  

শিক্ষকগৰাকীয়ে জনোৱা অনুসৰি এক লাখ টকাৰ বেগটো নিজৰ বাইকত থোৱাৰ সময়তেই এগৰাকী অচিনাকি যুৱকে বাইকৰ কাষতে কিছু পইচা পৰি থকা কথাটো প্ৰধান শিক্ষক ৰাণা দাসক অৱগত কৰায় । লগে লগে দাসে তললৈ হাউলি পইচাখিনি তুলিবলৈ ধৰাৰ সময়তে চিলনী চোৰে প্ৰধান শিক্ষক দাসৰ এক লাখ টকাভৰ্তি বেগটো লৈ উধাও হয় । উক্ত ঘটনা সন্দৰ্ভত ইতিমধ্যে প্ৰধান শিক্ষক ৰাণা দাসে নলবাৰী সদৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে ।  

লগতে পঢ়ক: Theft in Golaghat: ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰৰ লুটপাত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.