theft incident: কাপোৰৰ দোকানত চোৰৰ চাফাই অভিযান

By ETV Bharat Assamese Team

Published : Sep 1, 2023, 7:48 PM IST

thumbnail

ৰঙিয়া, 1 ছেপ্টেম্বৰ : ৰঙিয়াত চোৰৰ উপদ্ৰৱ ৷ ৰঙিয়া ৰে’ল ষ্টেচনৰ সমীপৰ এখন কাপোৰৰ দোকানৰ ক্যেশ কাউন্টাৰৰ পৰা কেইবাহাজাৰ টকা লুটি নিলে চোৰে । চিচি টিভিত বন্দী হয় চুৰি কৰাৰ সমগ্ৰ দৃশ্য ৷ মাত্ৰ ১০ চেকেণ্ডৰ ভিতৰতে দোকানখনৰ টকা চুৰি কৰিলে দুৰ্বৃত্তই ।

ঘটনাৰ বিৱৰণী অনুসৰি যোৱা 28 আগষ্ট, সোমবাৰে বিয়লি  প্ৰায় 2.25 বজাত চোৰটোৱে প্ৰথমাৱস্থাত দোকানখনত প্ৰৱেশ কৰি দোকানৰ গৰাকী নথকাত উভতি যায় । তাৰ পিচ মুহূৰ্ততে দোকানত পুনৰ প্ৰৱেশ কৰি দোকানখনৰ ক্যেশ কাউন্টাৰৰ পৰা কেইবা হাজাৰ টকা লৈ উধাও হয় । দোকানৰ গৰাকী আতিকুৰ ৰহমানে কিছু সময়ৰ পিচত আহিহে টকা চুৰি হোৱাৰ কথা গম পায় ৷ দোকানৰ গৰাকীজনে চোৰটোক বিচাৰি যায় যদিও কোনো সন্ধান উলিয়াব নোৱাৰে ৷ ইয়াৰ পিচতে ৰহমানে আৰক্ষী থানাত ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰিছে ৷ বৰ্তমানেও চোৰটোৰ পৰিচয় উদ্ধাৰ হোৱা নাই বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: Woman rape and murdered: মহিলাক ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহত এজন যুৱকক আটক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.