ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰৰ চাফাই অভিযান

By ETV Bharat Assamese Team

Published : Dec 21, 2023, 2:22 PM IST

thumbnail

কলিয়াবৰ, 21 ডিচেম্বৰ : ঘৰ এৰি ক’লৈকো নাযাব। ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে চলাব পাৰে চাফাই অভিযান । ৰাজ্যৰ ভিন্ন প্ৰান্তত সঘনাই সংঘটিত হৈছে চুৰি ঘটনা ৷ এইবাৰ নগাঁও জিলাৰ কলিয়াবৰৰ গাড়িকুৰি গাঁৱৰ এঘৰ লোকৰ ঘৰত চোৰৰ চাফাই অভিযান ৷ চুৰি কৰি নিলে ঘৰৰ মূল্যবান সা-সামগ্ৰী।

জখলাবন্ধা আৰক্ষী নিৱেশ এলেকাৰ গাড়ীকুৰি গাঁৱৰ প্ৰয়াত তগৰ শইকীয়াৰ ঘৰত চুৰি ঘটনা সংঘটিত হয় ৷ পুৱা কাষতে থকা আত্মীয়ই ঘৰটোত গ্ৰীল খোলা দেখা পাই চাবলৈ আহোঁতেহে প্ৰকৃত ঘটনা পোহৰলৈ আহে ৷  আত্মীয়ই জনোৱা অনুসৰি চোৰে আলমিৰা, গ’ড্ৰেজ ভাঙি সোণ-ৰূপৰ মূল্যবান সামগ্ৰী লৈ যোৱাৰ লগতে কাপোৰ ভৰ্তি চাৰিটালৈ ভিআইপিও লৈ যায় ৷

উল্লেখ্য যে, কলিয়াবৰৰ বিভিন্ন স্থানত নিশাটো দূৰৰ কথা, এতিয়া দিনতে ঘৰ এৰি যাব নোৱাৰাৰ পৰিৱেশৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক: ডিব্ৰুগড় আৰক্ষীক প্ৰত্যাহ্বান, সদৰ থানাৰ কাষতে চোৰৰ চাফাই অভিযান

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.