চাকৰি নিয়মীয়াকৰণৰ দাবীত টেট শিক্ষকসকলৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Nov 22, 2023, 7:23 PM IST

thumbnail

বঙাইগাঁও, 22 নৱেম্বৰ : বুধবাৰে ৰাজ্যজুৰি টেট শিক্ষকসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বঙাইগাঁও চহৰতো প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষকসকলে বহুদিনীয়া দাবীসমূহ ৰূপায়ণ কৰাৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ শিক্ষকসকলৰ চাকৰিৰ বেতন সুৰক্ষাসহ চাকৰি নিয়মীয়াকৰণৰ দাবীত দুঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী পালন কৰে টেট শিক্ষকসকলে ৷ 

গণতান্ত্ৰিক পদ্ধতিৰে টেট শিক্ষকসকলে নিজ নিজ জিলাৰ বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শকৰ কাৰ্যালয়ৰ সন্মুখত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ যদি এই দাবীসমূহ অসম চৰকাৰে মানি নলয় তেনেহ’লে অনাগত দিনত পুনৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি শিক্ষকসকলে হুংকাৰ প্ৰদান কৰে ৷

উল্লেখ্য যে, চৰকাৰে শেহতীয়াকৈ এঘাৰ বছৰ ধৰি কৰ্মৰত শিক্ষকসকলক নতুন দৰমহাৰে নতুন নিযুক্তি কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে ৷ তাৰেই বিৰোধিতাৰে সমগ্ৰ অসমৰ সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে আজি নাৰ্য প্ৰাপ্তিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছে ৷

লগতে পঢ়ক: নিজ প্ৰাপ্যৰ দাবীত বিদ্যালয় এৰি পথত বহিল শিক্ষক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.