দলগাঁৱত টেট উৰ্ত্তীণ শিক্ষক সন্থাৰ দুঘন্টীয়া ধৰ্ণা

By ETV Bharat Assamese Team

Published : Nov 22, 2023, 7:25 PM IST

thumbnail

দলগাঁও, ২২ নবেম্বৰ : সদৌ অসম প্রাথমিক টেট উত্তীর্ণ শিক্ষক সমাজৰ আহ্বানত সকলো ঠিকাভিত্তিক প্রাথমিক টেট উত্তীর্ণ শিক্ষকৰ চাকৰি বিনাচর্তে বেতন সুৰক্ষাসহ নিয়মীয়াকৰণৰ দাবীৰে দুঘণ্টীয়া ধর্ণা কার্যসূচী ৰূপায়ন কৰা হয় দৰঙৰ দলগাঁৱত । দলগাঁও প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত বিভিন্ন বিদ্যালয়ৰ শতাধিক টেট উত্তীৰ্ণ শিক্ষকে দলগাঁও শিক্ষাখণ্ডৰ কাৰ্যালয়ৰ সন্মুখত ন্যায় বিচাৰি বিনাচৰ্তে বেতন সুৰক্ষাসহ চাকৰি নিয়মীয়াকৰণৰ দাবীত এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে ।

শিক্ষক সকলে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ মন্তব্যৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰি কয় যে শিক্ষক সকলক নতুন নিযুক্তি নালাগে, নিয়মীয়াকৰণহে লাগে । শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই টেট উত্তীৰ্ণ শিক্ষকৰ দাবী অনতিপলমে মানি লৈ শিক্ষক সকলক সুস্থ আৰু মানসিকভাৱে শিক্ষাদান কৰিবলৈ সুযোগ দিবলৈ আহ্বান জনায় । পিচত প্ৰতিবাদস্থলীৰ পৰাই দলগাঁও শিক্ষা খণ্ডৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰে টেট উত্তীৰ্ণ শিক্ষক সমাজে । 

লগতে পঢ়ক:বিচাৰিছিল বেতন সুৰক্ষাসহ নিয়মীয়া চাকৰি, পালে নতুন নিযুক্তিৰ প্ৰস্তাৱ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.