Tempo drivers protest: শিৱসাগৰ DTO কাৰ্যালয়ৰ সন্মুখত টেম্প’ চালকৰ প্ৰতিবাদ

By

Published : Apr 24, 2023, 9:30 PM IST

thumbnail

শিৱসাগৰ, 24 এপ্ৰিল : আকৌ প্ৰতিবাদ ৷ এইবাৰ প্ৰতিবাদী কণ্ঠত কঁপিছে শিৱসাগৰ জিলা ৷ অভিযোগ অনুসৰি, শিৱসাগৰ নগৰত অব্যাহত আছে টেম্পু আৰু বেটেৰী ৰিক্সাৰ মাজৰ সংঘাত ৷ এই সংঘাতৰ পৰিণতি স্বৰূপে আজি অৰ্থাৎ সোমবাৰে শতাধিক টেম্পু চালকে জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰি সাব্যস্ত কৰে প্ৰতিবাদ (Tempo drivers protest in front of Sivasagar) ।

প্ৰতিবাদকাৰীসকলে উল্লেখ কৰা অনুসৰি, দীৰ্ঘদিন ধৰি শিৱসাগৰ নগৰৰ পৰা জয়সাগৰলৈ টেম্পু বাহনসমূহে ৰাইজক সেৱা আগবঢ়াই আহিছে । কিন্তু মাজতে বেটাৰী ৰিক্সাৰ আৱিৰ্ভাৱৰ পাচত টেম্পু আৰু বেটাৰী ৰিক্সাৰ মাজত সংঘাত আৰম্ভ হ’বলৈ লয় । এনে সময়তে শিৱসাগৰ পৰিবহণ বিভাগে একাংশ বেটাৰী ৰিক্সাক নগৰৰ বাহিৰত চলাচলৰ বাবে অনুমতি প্ৰদান কৰাৰ বিপৰীতে একাংশ বেটাৰী ৰিক্সাক শিৱসাগৰ পৌৰ এলেকাত চলাচল কৰিবৰ বাবে অনুমতি প্ৰদান কৰে বুলিও মন্তব্য কৰে ৷

তেওঁ লগতে কয় যে, সময় পাৰ হৈ যোৱাৰ লগে লগে এনে সংশ্লিষ্ট অনুমতি ধোঁৱা চাঙত উঠিছে ৷ একাংশ বেটাৰী ৰিক্সাসমূহে নিজ খেয়াল খুচি মতে ভাড়া মাৰিব লোৱাত লোকচানৰ সন্মুখীন হ’ব লগাত পৰিছে টেম্পু চালকসকল ৷ যাৰ ফলত ইতিমধ্যে শিৱসাগৰ নগৰৰ লগতে নগৰৰ বাহিৰৰ এলেকাত বেটাৰী আৰু টেম্পু চালকৰ মাজত বহুবাৰ খণ্ডযুদ্ধও হৈ গৈছে (Tempo drivers protest against E Rickshaw drivers) ।

আনকি এই সন্দৰ্ভত টেম্পু চালক সন্থাই শিৱসাগৰ পৌৰসভাৰ লগতে শিৱসাগৰ পৰিবহণ বিভাগক অভিযোগ দিয়া বুলি উল্লেখ কৰে ৷ অৱশ্যে এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা কোনো বিহীত ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই বুলি সংবাদ মাধ্যমৰ আগত ক্ষোভ উজাৰে প্ৰতিবাদকাৰী টেম্পু চালকসকলে ৷ সেয়ে সোমবাৰে শতাধিক টেম্পু চালকে জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰি বেটাৰী ৰিক্সাসমূহক নাকী লগাবলৈ আহবান জনায় ।

লগতে পঢ়ক : Angkita Dutta updates: কোন দিশে অংকিতা দত্তৰ ৰাজনৈতিক ভৱিষ্যৎ; ৰাজ্যত চলিছে সৰৱ চৰ্চা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.