Stolen mobile recovered : দোকানত নহয়, মোবাইলৰ কাৰণে আৰক্ষী থানাত ভিৰ কৰিলে ৰাইজে

By

Published : Jul 19, 2023, 8:44 PM IST

thumbnail

নগাঁও, 19 জুলাই : নগাঁও আৰক্ষীৰ তৎপৰতাত 5 দিনত উদ্ধাৰ 20 টাকৈ চুৰি মোবাইল ৷ বুধবাৰে নগাৱঁৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ পৰা মোবাইল ফোনসমূহ ল’বলৈ ফোনৰ গৰাকীয়ে ভিৰ কৰেহি ৷  নগাঁও জিলাৰ আৰক্ষী অধীক্ষক নৱনীত মহন্তৰ তৎপৰতাত 5 দিনত উদ্ধাৰ কৰা হৈছে 20 টাকৈ চুৰি হোৱা মোবাইল ফোন ৷ নগাৱঁৰ বিভিন্ন স্থানৰ পৰা উদ্ধাৰ কৰা হৈছে চুৰি হোৱা মোবাইল ফোনকেইটা ৷  উদ্ধাৰ হোৱা মোবাইল ফোনসমূহ বুধবাৰে নগাঁৱৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত নথি পত্ৰ পৰীক্ষা কৰি ঘুৰাই দিয়ে গৰাকীসকলক ৷  

আগন্তুক দিনত চুৰি হোৱা সামগ্ৰী উদ্ধাৰৰ বাবে অভিযান অব্যাহত ৰাখিব বুলি জানিবলৈ দিয়ে নগাঁও আৰক্ষী অধীক্ষক নৱনীত মহন্তই ৷ আনহাতে চুৰি হোৱা মোবাইল ফোন ঘূৰাই পাই অত্যন্ত সুখী হৈছে ফোনৰ গৰাকীসকল ৷ আৰক্ষী অধীক্ষক নৱনীত মহন্তৰ লগতে নগাঁও আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰিলে মোবাইল ফোনৰ গৰাকীসকলে ৷ 

লগতে পঢ়ক: Food poison: পেকেট লাঞ্চৰ নামত সভাত খুৱালে ভেঁকুৰযুক্ত কেক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.