Congress Joining program: অৰ্ধ শতাধিক বিজেপি কৰ্মীয়ে যোগদান কৰিলে কংগ্ৰেছত

By ETV Bharat Assamese Team

Published : Oct 2, 2023, 10:18 AM IST

thumbnail

মাজুলী, 2 অক্টোবৰ: মাজুলী বিজেপিত খহনীয়া । বিজেপিৰ দুৰ্গ খ্যাত গড়মূৰ পঞ্চায়ত ত্যাগ কৰি 25 গৰাকী বিজেপি কর্মী আৰু আন দলৰ 25 গৰাকী লোকে কংগ্ৰেছ দলত যোগদান কৰে দেওবাৰে । গড়মূৰ মণ্ডল কংগ্ৰেছ কমিটীৰ উদ্যোগত, মাজুলী জিলা কংগ্ৰেছৰ সহযোগত গড়মূৰস্থিত ৰাজীৱ ভৱনত গড়মূৰ মণ্ডল কংগ্ৰেছৰ এক বুথ পর্যালোচনা সভা আৰু যোগদান কাৰ্যসূচীত বিজেপি আৰু অন্যান্য দলৰ পৰা কেইবাশ লোকে মাজুলী জিলা কংগ্ৰেছৰ সভাপতি কোষেশ্বৰ বৰাৰ উপস্থিতিত কংগ্ৰেছ দলত যোগদান কৰে । 

অনুষ্ঠানটোত অসম প্রদেশ কংগ্ৰেছ কমিটীৰ সম্পাদক বিষ্ণু কমল পায়েং যোগদান কাৰ্যসূচীত উপস্থিত থাকে ৷ বিজেপি নেতৃত্বাধীন কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰি 2024 চনৰ লোকসভা নিৰ্বাচনত I.N.D.I.A. নেতৃত্বাধীন কংগ্ৰেছ দলৰ চৰকাৰ গঠন হ’ব বুলি দাবী কৰে পায়েঙে । সভাত জিলা সভাপতি কোষেশ্বৰ বৰাই নৱাগতসকলক আদৰণি জনাই অনাগত দিনত শক্তিশালী ৰূপে দলৰ কাম কৰি যাবলৈ পৰামৰ্শ আগবঢ়ায় । 

গড়মূৰস্থিত ৰাজীৱ ভৱনত অনুষ্ঠিত হোৱা এই সভাত 10 টা বাৰ্ডৰ সভাপতিসকলৰ লগতে দুই শতাধিক কংগ্ৰেছ কৰ্মী উপস্থিত থাকে । প্রাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে যোৱা দুটাকৈ বিধানসভা নিৰ্বাচনত মাজুলীৰ পৰা অভিলেখ ভোটেৰে নির্বাচিত হৈ কংগ্ৰেছ দলক ধূলিস্যাৎ কৰি পেলোৱাৰ পাছত পুনৰ বিজেপিৰ পৰাই কংগ্ৰেছ দলত যোগদানৰ খবৰে বিজেপি দলটোক স্বাভাৱিকতেই অস্বস্তিত পেলাব বুলি চৰ্চা চলা পৰিলক্ষিত হৈছে । 

লগতে পঢ়ক : Trinomool congress joining programme: কংগ্ৰেছ-বিজেপি এৰি তৃণমূল কংগ্ৰেছলৈ 4 শতাধিক লোক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.