Sanjay Kishant: তিতাবৰত দুৰ্ভগীয়া শ্ৰমিক ভাস্কৰৰ বাসগৃহত মন্ত্ৰী সঞ্জয় কিষাণ; 6 লাখ টকাৰ সাহায্য প্ৰদান

By ETV Bharat Assamese Team

Published : Aug 27, 2023, 4:45 PM IST

thumbnail

যোৰহাট,27 আগষ্ট: যিমানে চাহ শ্ৰমিকৰ নিৰাপত্তা আৰু সুৰক্ষা প্ৰদানৰ কথা কোৱা হৈছে সিমানে ইটোৰ পাচত সিটো অঘটন সংঘটিত হৈছে ৷ ডিব্ৰুগড়ত মইনা নায়ক, গহপুৰত সুখমন মুণ্ডা আৰু শেষতীয়াকৈ তিতাবৰত ভাস্কৰ মাহান্তি চাহ ফেক্টৰীত কৰ্মৰত অৱস্থাত মেচিনত সোমাই আহত হ’ল ৷ সেই দুৰ্ভগীয়া শ্ৰমিক ভাস্কৰ মাহান্তিৰ বাসগৃহত উপস্থিত হয় মন্ত্ৰী সঞ্জয় কিষাণ  ৷ ২২ আগষ্টত তিতাবৰ টাইৰুণ চাহ বাগিচাৰ ফেক্টৰীত কৰ্মৰত অৱস্থাত মেচিনত সোমাই গুৰুতৰভাৱে আহত হৈছিল ভাস্কৰ ৷  

দেওবাৰে দুৰ্ভগীয় শ্ৰমিকজনৰ বাসগৃহত মন্ত্ৰী সঞ্জয় কিষাণ উপস্থিত হৈ পৰিয়ালটো আৰ্থিক দিশটো বুজ লোৱা লগতে বিভিন্ন সহায় সহযোগিতা কথা আশ্বাস প্ৰদান কৰে ৷ আনহাতে মন্ত্ৰীগৰাকীয়ে পৰিয়ালটোক ৰাজ্য চৰকাৰ পৰা এককালীন সাহায্য হিচাপে ৬ লাখ ২৮ হাজাৰ ৮ শ ৩৩টকাৰ এখন চেক অৰ্পণ কৰে । ভাস্কৰ মাহান্তিৰ কৰ্মস্থল টাইৰুণ চাহ বাগিচাৰ কলঘৰত উপস্থিত হয় মন্ত্ৰী সঞ্জয় কিষাণ ৷ ইফালে মন্ত্ৰীগৰাকীয়ে টাইৰুণ চাহ বাগিচা কলঘৰ পৰিদৰ্শন আৰু বাগিচা কৰ্তৃপক্ষই শ্ৰমিকসকলৰ বাবে কি ধৰণৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে সেয়া তন্নতন্নকৈ পৰীক্ষা কৰে ৷ 

লগতে পঢ়ক:Tea labor accident : কিমান সুৰক্ষিত কলঘৰৰ শ্ৰমিক ? পুনৰ মেচিনত ভৰি সোমাল শ্ৰমিকৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.