Poor Condition Road in Lakhimpur : লখিমপুৰৰ মহাইজান-কুঁহিমাৰি পথে কন্দুৱাইছে অঞ্চলবাসীক

By

Published : Jan 10, 2023, 4:12 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail

লখিমপুৰৰ মহাইজান কুঁহিমাৰি পথক লৈ ৰাইজৰ অসন্তুষ্টি (Mohaijan Kuhimari road Lakhimpur)৷ চৰকাৰৰ সুদৃষ্টি পৰা নাই পথটোত ৷ লখিমপুৰ পঞ্চায়তৰ অন্তৰ্গত মহাইজান কুঁহিমাৰি গাঁৱৰ পথটো লৈ মঙলবাৰে কুহিমাৰি গাৱঁৰ ৰাইজে ক্ষোভ উজাৰিলে সংবাদ মাধ্যম আগত ৷ নিৰ্বাচনৰ সময়ত ভোট বিচাৰি অহা জনপ্ৰতিনিধিসকলকো এতিয়া দেখিবলৈ পোৱা নাই অঞ্চলবাসীয়ে ৷ MGNREGA আচঁনিৰ অধীনত কেইবাবাৰো পথটো মেৰামতিৰ বাবে ধন অনুমোদিত হৈছিল যদিও আজিকোপতি পথটো একেদৰেই আছে (Poor Condition Road in Lakhimpur)৷ বাৰিষা কালত যাতায়াত ব্যৱস্থাত দুৰ্বিসহ যাতনা ভোগ কৰা ৰাইজে খৰালি কালত চৰকাৰে মেৰামতি কৰাৰ আশা কৰিছিল যদিও ৰাইজৰ আশা পূৰণ নহ’ল ৷ যাৰ বাবে স্থানীয় যুৱকসকলে গাঁঠিৰ ধন ভঙাৰ উপৰি নামঘৰত গোট খোৱা অৰিহণাৰ টকাৰে পথটো মেৰামতিৰ ব্যবস্থা কৰিছে ৷ উল্লেখযোগ্য স্থানীয় বিধায়ক মানৱ ডেকাক(MLA Manab Deka) ৰাইজে পথটোৰ বিষয়ে অৱগত কৰিছিল যদিও আজিকোপতি কোনো সু-উত্তৰ পোৱা নাই কুঁহিমাৰি গাঁৱৰ ৰাইজে ।

Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.