Dilapidated road in Nalbari: ৰাজ্যৰ এখন আদৰ্শ গাঁৱৰ পথেই এতিয়া পুখুৰী

By

Published : Aug 22, 2023, 3:22 PM IST

thumbnail

নলবাৰী, ২২ আগষ্ট:নলবাৰী জিলাৰ বৰ্ণিবাৰী আদৰ্শ গাঁৱত এটা পথৰ দুৰাৱস্থাই উদঙাইছে গ্ৰামাঞ্চলৰ উন্নয়নৰ প্ৰকৃত ছবিখন। লোক নিৰ্মাণ বিভাগৰ এটা পুখুৰী সদৃশ পথেৰে যাতায়ত কৰিছে বৰ্ণিবাৰী আদৰ্শ গাঁৱৰ ৰাইজে । লোক নিৰ্মাণ বিভাগৰ অধীনস্থ এই পথটোৰ বৰ্ণিবাৰী চ'ক বজাৰৰ মাজমজিয়াত এটা অংশত একাঠু পৰ্যন্ত পানী হৈ আছে । তিনি বছৰ ধৰি জৰাজীৰ্ণ পথটোৰে যাতায়ত কৰি যমৰ যাতায়াত ভুগিছে অঞ্চলটোৰ ৰাইজে ।

উল্লেখযোগ্য যে ২০১৮-১৯ বৰ্ষত বৰ্ণিবাৰীক অসম আদৰ্শ গ্ৰাম্য যোজনাত অন্তৰ্ভুক্ত কৰি আদৰ্শ গাঁও হিচাপে ঘোষণা কৰা হৈছিল । এতিয়া আদৰ্শ গাঁৱৰ মাজমজিয়াৰ মূল পথ এটাৰেই এই দুৰৱস্থা হৈছে । ৰাইজে লোক নিৰ্মাণ বিভাগৰ লগতে অঞ্চলটোৰ পঞ্চায়ত প্ৰতিনিধিক পথটো মেৰামতি কৰিবলৈ বাৰম্বাৰ অনুৰোধ কৰিছে যদিও এতিয়ালৈ মেৰামতি কৰা নাই ।  

বিধ্বস্ত অৱস্থাৰ বাবে পথচোৱাত প্ৰায়ে দূৰ্ঘটনা সংঘটিত হৈ বহু লোকে ঘূণীয়া হ'বলগীয়া হৈছে । স্থানীয় ব্যৱসায়ীসকলে অস্থায়ীভাৱে এটা নলা খান্দি পথটোৰ মাজত জমা হোৱা পানীখিনি নিস্কাষণৰ ব্যৱস্থা কৰে কৰে যদিও পথচোৱাৰে যাতায়তৰ ক্ষেত্ৰত কোনো ধৰনৰ সুফল পোৱা নাই । স্থানীয় ৰাইজে অতিশীঘ্ৰে পথটো মেৰিমতি কৰিবলৈ চৰকাৰক দাবী জনাইছে ।

লগতে পঢ়ক:Brahmaputra river erosion:তিনিচুকীয়া জিলাৰ ছৈখোৱাত ভয়াৱহ ৰূপত অব্যাহত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.