Protest in Guwahati: বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে AJYCP ৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Oct 3, 2023, 5:20 PM IST

thumbnail

গুৱাহাটী,৩ অক্টোবৰ: বিদ্যুতৰ মাচুল বৃদ্ধিৰ সিদ্ধান্তৰ বিৰোধিতা কৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৰাজ্যজুৰি সাব্য়স্ত কৰিছে তীব্ৰ প্ৰতিবাদ । মঙলবাৰে পৰিষদৰ চান্দমাৰিস্থিত মুখ্য কাৰ্যালয়ৰ সমীপত কামৰূপ মহানগৰ জিলা সমিতিৰ প্ৰতিবাদ । শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচাৰ প্ৰতিকৃতি দাহ কৰি প্ৰায় শতাধিক কৰ্মীয়ে হাতে হাতে প্লেকাৰ্ড লৈ শক্তিমন্ত্ৰী হায় হায়, বিদ্যৎ বিভাগ হায় হায়, শ্ল'গান দি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।  

প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাত আৰক্ষীয়ে বাধা প্ৰদান কৰে । সমিতিৰ সাধাৰণ সম্পাদক সুকুমাৰ বৰ্মনে কয়, শদিয়াৰ পৰা ধুবুৰীলৈ শক্তিমন্ত্ৰী প্ৰতিকৃতি দাহ কাৰ্যসূচী ৰূপায়ণ কৰি স্বেচ্ছাচাৰী চৰকাৰে যিকোনো সিদ্ধান্ত জাপি দিয়াৰ বিৰোধিতা কৰা হৈছে। চৰকাৰে জনবিৰোধী স্থিতি গ্ৰহণ কৰি ৰাইজক মাধমাৰ দি পুনৰ বিদ্যুতৰ মাচুল বৃদ্ধিৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে । জনসাধাৰণৰ প্ৰতিবাদৰ প্ৰতি ভ্ৰুক্ষেপ নকৰিলে অনাগত দিনত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ'ব বুলি মন্তব্য কৰে সুকুমাৰ বৰ্মনে ।

লগতে পঢ়ক: Protest in Tingkhang: বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.