Baresahariya Bhaona in Jamugurihat: 6 মাৰ্চৰ পৰা আৰম্ভ বাৰেচহৰীয়া ভাওনা

By

Published : Mar 4, 2023, 11:02 PM IST

thumbnail

চতিয়া, ৪ মাৰ্চ: চলিত বৰ্ষৰ 6 মাৰ্চৰ পৰা 9 মাৰ্চলৈ চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ’ব বাৰেচহৰীয়া ভাওনা (Baresahariya Bhaona in Jamugurihat) ৷ শনিবাৰে বিয়লি বাৰেচহৰীয়া ভাওনা মহোৎসৱৰ কাৰ্যালয়ত এক সংবাদমেল (Press meet on Baresahariya Bhaona)অনুষ্ঠিত কৰি উদযাপন সমিতিয়ে কয়, "অহা 8 মাৰ্চত ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আমাৰ বাৰে চহৰীয়া ভৱনৰ স্থায়ী প্ৰকল্পটো দিনৰ 12 বজাত উদ্বোধন কৰিব ৷ তাৰ পিচত দিনৰ 12.30 বজাত মন্ত্ৰীগৰাকীয়ে ঐতিহ্যমণ্ডিত পকামূড়া পথাৰত ৰাইজৰ লগতে আইসকলক সম্বোধন কৰিব ৷ পূৰ্বতে তেওঁৰ কাৰ্যসূচী সন্ধিয়া আছিল যদিও এতিয়া কাৰ্যসূচীৰ সময়ৰ কিছু সাল সলনি হৈছে ৷" 

সংবাদমেলখনত বাৰেচহৰীয়া ভাওনা মহোৎসৱৰ চতুৰ্থ দিনা সাংস্কৃতিক সন্ধ্যাত জনপ্ৰিয় কণ্ঠশিল্পী অংগৰাগ পাপন মহন্তই গীত পৰিৱেশন বুলি সদৰী কৰে উদযাপন সমিতিয়ে ৷ ইয়াৰ উপৰিও একাংশ ইউটিবাৰক বাৰেচহৰীয়া ভাওনাৰ vlogs বনাবলৈ আহ্বান জনাইছে উদযাপন সমিতিয়ে ৷

লগতে পঢ়ক:Baresahariya Bhaona in Jamugurihat: বাৰেচহৰীয়া ভাওনা সমাৰোহৰ ধ্বজা স্থাপন অনুষ্ঠান

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.