Bishwakarma Puja: নলবাৰীত তুংগত উঠিছে বিশ্বকৰ্মা পূজাৰ প্ৰস্তুতি

By ETV Bharat Assamese Team

Published : Sep 15, 2023, 5:45 PM IST

thumbnail

নলবাৰী,১৫ ছেপ্টেম্বৰ: বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজালৈ মাজত মাত্ৰ আৰু দুটা দিন বাকী । বিশ্বকৰ্মা পূজাৰ প্ৰাকক্ষণত এতিয়া ভীষণ ব্যস্ততা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ মৃণ্ময় শিল্পীসকলৰ মাজত । ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে নলবাৰীতো দেখিবলৈ পোৱা গৈছে মৃণ্ময় শিল্পীসকলৰ ব্যস্ততা । নলবাৰীৰ হৰিমন্দিৰ প্ৰাঙ্গণত তৈয়াৰ কৰি উলিয়াইছে প্ৰায় শতাধিক বিশ্বকৰ্মাৰ মূৰ্তি ।  

বছৰ বছৰ ধৰি এইগৰাকী শিল্পীয়ে বিভিন্ন দেৱ-দেৱীৰ মূৰ্তি তৈয়াৰ কৰি অহা পৰিলক্ষিত হৈ আহিছে নলবাৰীৰ হৰিমন্দিৰ প্ৰাঙ্গণত । আনহাতে এইবেলি দুগুণ উৎসাহেৰে সাজি উলিয়াইছে বাবা বিশ্ব খনিকৰক । পূজালৈ দুটা দিন বাকী থকাত এতিয়া প্ৰতিমাত শেষ পৰশ দিয়াত ব্যস্ত হৈ পৰিছে শিল্পীসকল । উল্লেখযোগ্য যে নলবাৰী জিলাৰ ভিন্ন প্ৰান্তৰ পূজাস্থলীত এই সমূহ বিশ্ব খনিকৰৰ মূৰ্তিত পূজা-অৰ্চনা চলিব ।  

পূৰ্বতকৈ অধিক ব্যৱসায় ভাল হোৱাৰ আশা মৃণ্ময় শিল্পীসকলৰ । প্ৰায় ডেৰ মাহ ধৰি ব্যস্ত হৈ আছে শিল্পীসকল । আনহাতে নিভাঁজ হাতৰে এতিয়া শেষ পৰশ দিয়াত ব্যস্ত এইসকল শিল্পী । এইবেলি প্ৰায় শতাধিক মূৰ্তি নিৰ্মাণ কৰি উলিয়াইছে যদিও বৰ্তমালৈ ৫০ শতাংশ মূৰ্তি আগতীয়া বিক্ৰী হোৱা বুলি জানিবলৈ দিয়ে এগৰাকী শিল্পীয়ে । ১৬০০০ টকাৰ মূল্যৰ পৰা ৬০০০ টকাৰ ব্যৱধানত বিক্ৰী হোৱাকৈ সাজি উলিয়াইছে এইসকল সৰু বৰ বাবা বিশ্ব বিশ্ব খনিকৰৰ মৃণ্ময় মূৰ্তি ।  

লগতে পঢ়ক: Assam CM wife land scam: ৰিণিকি ভূঞাৰ ভূমি বিতৰ্কক লৈ উত্তাল সদন; ফালৰি কাটি বিহাৰ পালেগৈ হিমন্ত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.