Jhanji valley co operative society:জাঁজীভেলী সমবায় সমিতিৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ

By ETV Bharat Assamese Team

Published : Aug 31, 2023, 9:16 PM IST

thumbnail

আমগুৰি, ৩১ আগষ্ট : শিৱসাগৰ জিলাৰ আমগুৰিত জাঁজীভেলী সমবায় সমিতিৰ অন্তৰ্গত কুকুৰা পালকসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ৷ আমগুৰিস্থিত জাঁজীভেলী সমবায় সমিতিৰ বিৰুদ্ধে কুকুৰা পালকক প্ৰৱঞ্চনাৰ অভিযোগ উত্থাপিত হৈছে । ইয়াকে লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অঞ্চলটোত । সমবায় সমিতিখনৰ বিৰুদ্ধে কুকুৰা পালকসকলক প্ৰয়োজনীয় দানা-ঔষধ যোগান নধৰাৰ অভিযোগ উঠাৰ লগতে তেওঁলোকৰ নামত ঋণ লোৱাৰো অভিযোগ উত্থাপন হৈছে ৷ দানা-ঔষধৰ অভাৱত হাজাৰ হাজাৰ কুকুৰা মৃত্যুমুখলৈ গতি কৰিছে ।

কুকুৰা পালকৰ হিতাধিকাৰীলৈ বেংকৰ ঋণ আদায়ৰ নিৰ্দেশ অহাৰ পিচতে জাঁজীভেলী সমবায় সমিতিৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ উত্থাপিত হৈছে । সমবায় সমিতিখনে কুকুৰা পালকসকলৰ নামত ১ লাখ ৬০ হাজাৰ টকাকৈ ভাৰতীয় ষ্টেট বেংকৰ পৰা ঋণ লৈ উক্ত ঋণ হস্তগত কৰি উন্নত মানৰ কুকুৰা যোগান ধৰিছিল । উক্ত কুকুৰাৰ উৎপাদিত কণীৰে সমবায় সমিতিখনে ঋণ পৰিশোধ কৰাৰ ব্যৱস্থা কৰিছিল যদিও সম্প্ৰতি জাঁজীভেলী সমবায় সমিতিয়ে কুকুৰা পালকক সহযোগ নকৰাত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ।

জাঁজীভেলী সমবায় সমিতিৰ সম্পাদক ৰাজেন গগৈৰ বিৰুদ্ধে কুকুৰা পালকসকলকে প্ৰৱঞ্চনাৰ অভিযোগ তুলিছে । কুকুৰা পালকসকলক দানা ঔষধ যোগান নধৰাত হাজাৰ হাজাৰ কুকুৰা দুৰ্বল হৈ পৰাৰ লগতে মৃত্যুমুখত পৰিছে । কুকুৰা পালকসকলকে জাঁজীভেলী সমবায় সমিতিৰ বিৰুদ্ধে আইনী ব্যৱস্থা আৰু প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰ হুংকাৰ দিছে ।

লগতে পঢ়ক : Protest in Sivasagar: অসমত বহিৰাগত বণিয়াৰ দপদপনি নচলিব, হুংকাৰ শৃংখল চলিহাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.