বিশ্বকাপ বিজয়ৰ অৰ্থে ঢেকীয়াখোৱা বৰনামঘৰত সেৱা

By ETV Bharat Assamese Team

Published : Nov 19, 2023, 1:26 PM IST

thumbnail

টীয়ক, ১৯ নৱেম্বৰ : চৌদিশে বিশ্বকাপ ক্ৰিকেটৰ জ্বৰ । আজি গুজৰাটৰ আহমেদাবাদত ভাৰত-অষ্ট্ৰেলিয়াৰ বিশ্বকাপৰ ফাইনেল খেলখন অনুষ্ঠিত হ'ব আৰু কিছুক্ষণৰ পিচতে ৷ দেশবাসী আজি অতিকৈ উল্লাসিত হৈ পৰিছে । অসমতো ইয়াৰ ব্যতিক্ৰম নহয় । পুৱাই নামঘৰ, মছজিদ, গীৰ্জাত আপোন দলটিৰ বিজয়ৰ কামনাৰে নেদেখাজনৰ চৰণত সেৱা সেৱা লৈছে সকলোৱে ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ক্ৰীড়াপ্ৰেমী ৰাইজে উজনিৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰৰ ভকত বৈষ্ণৱে মাধৱদেৱৰ দ্বাৰা প্ৰজ্বলিত ৫০০ বছৰীয়া অক্ষয় বন্তিত তেল দি ধূপ-ধুনা জ্বলাই ভগৱন্তৰ চৰণত হৰিধ্বনি দি সেৱা লৈ ভাৰতৰ বিজয় কামনা কৰে ।

উল্লেখযোগ্য যে আজিৰ খেলখনত ভাৰতীয় খেলুৱৈসকলক উৎসাহিত কৰিবলৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা খেলপথাৰত উপস্থিত থাকিব । সেয়ে দেশৰ প্ৰধানমন্ত্ৰী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ এই উৎসাহজনক উপস্থিতিয়ে ভাৰতীয় খেলুৱৈসকলক অধিক উৎসাহিত কৰিব বুলি আশা কৰিছে সকলোৱে ।

লগতে পঢ়ক: বৰপথাৰত অনুষ্ঠিত আন্তঃজিলা মহিলা হেণ্ডবল প্ৰতিযোগিতা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.