বিটিআৰ চৰকাৰৰ তৃতীয় বৰ্ষপূৰ্তিত শান্তিৰ বাইক ৰেলী

By ETV Bharat Assamese Team

Published : Dec 19, 2023, 4:42 PM IST

thumbnail

কোকৰাঝাৰ, ১৯ ডিচেম্বৰ : প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল, বিজেপি আৰু জিএছপিৰ মিত্ৰজোঁট বিটিআৰ চৰকাৰৰ তৃতীয় বৰ্ষপূৰ্তিৰ সৈতে সংগতি ৰাখি মঙলবাৰে শান্তিৰ বাইক ৰেলী উলিওৱা হয় । বিটিআৰৰ পৰ্যটন বিভাগৰ উদ্যোগত উলিওৱা হয় এই বাইক ৰেলী । কোকৰাঝাৰৰ পৰা উলিওৱা শান্তিৰ বাইক ৰেলীৰ ফ্লেগ অফ কৰে বিটিআৰ পৰ্যটন বিভাগৰ কাৰ্যবাহী সদস্য ধৰ্মনাৰায়ণ দাসে ।  

বিটিআৰ সচিবালয়ৰ পৰা যাত্ৰা কৰা শান্তিৰ বাইক ৰেলী বাক্সাৰ বগামাটি পৰ্যটনথলী লৈ যাব । শান্তিৰ বাৰ্তা লৈ ৰেলীত অংশগ্ৰহণ কৰা ৩০ জনীয়া বাইকাৰ্ছৰ দলটোৱে যাত্ৰা পথত বিটিআৰৰ বিভিন্ন পৰ্যটনথলীসমূহ পৰিভ্ৰমণ কৰিব । ফ্লেগ অফ অনুষ্ঠানত বিটিআৰ পৰ্যটন বিভাগৰ সচিব যতীন বৰা, বিভাগীয় মুৰব্বী বিষয়া জয়ন্ত শৰ্মাসহ বিভাগীয় বিষয়াসকল উপস্থিত থাকে  ৷

ইপিনে, ফ্লেগ অফ কৰাৰ পিছত বিটিআৰৰ পৰ্যটন বিভাগৰ কাৰ্যবাহী সদস্য ধৰ্মনাৰায়ণ দাসে কয় যে বিটিআৰলৈ শান্তিৰ পৰিৱেশ ঘূৰি আহিছে । আৰু এই শান্তিৰ পৰিৱেশে বিটিআৰলৈ উন্নয়ন লৈ আহিছে । প্ৰমোদ বড়োৰ নেতৃত্বত বিটিআৰত ভাল মিত্ৰজোঁটৰ চৰকাৰ চলি আছে বুলিও মন্তব্য কৰে কাৰ্যবাহী ধৰ্মনাৰায়ণ দাসে ।

লগতে পঢ়ক:বজাৰলৈ গৈ এসপ্তাহে উভতি নাহিল একেটা পৰিয়ালৰ দুগৰাকী বোৱাৰী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.