Road accident: জোনাইৰ পথ দুৰ্ঘটনাত নিহত এজন

By

Published : May 17, 2023, 9:59 AM IST

thumbnail

জোনাই,17 মে’ : জোনাইৰ নেপালী বস্তিৰ মাজেৰে যোৱা 515 নং ৰাষ্ট্ৰীয় ঘাইপথত মঙলবাৰৰ বিয়লি প্ৰায় 4 বজাত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা । বিপৰীত দিশৰ পৰা অহা এখন চাৰিচকীয়া এল্ট’ বাহনে মহটিয়াই লৈ যায় দুখনকৈ মটৰচাইকেল । স্থানীয় ৰাইজে ঘটনাস্থলীত উপস্থিত হৈ ততাতৈয়াকৈ দুৰ্ঘটনা সংঘটিত হোৱা ব্যক্তিসকলক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰে । অৱশ্যে এজন বাইক আৰোহী চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু হয় (Road accident at Jonai) । 

মৃত যুৱকজন অৰুণাচল প্ৰদেশৰ মেৰ গাঁৱৰ প্ৰাস্নিছ পেৰমে বুলি জানিবলৈ পৰা গৈছে । দুৰ্ঘটনা সংঘটিত হোৱা চাৰিচকীয়া এল্ট’ বাহনখনত দুজন যুৱক, বাইকখনত এজন যুৱক আৰু এগৰাকী যুৱতী থকাৰ বিপৰীতে আনখন মটৰ চাইকেলত এজন যুৱক আছিল বুলি জানিবলৈ পৰা গৈছে । দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত চাৰিজন লোক চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে (One killed and many injured in road accident) । 

দুৰ্ঘটনা সংঘটিত হোৱা চাৰিচকীয়া এল্ট’ বাহনখনৰ নম্বৰ হৈছে AR 09B -8001, য়ামাহা R15 বাইকখনৰ নম্বৰ KL 55EB 5207 আৰু বুলেটখনৰ নম্বৰ হৈছে DL-SBR 7687 ৷ দুৰ্ঘটনাত বাহনকেইখন বিধস্তপ্ৰায় হৈ যায় । আহত ব্যক্তিসকল অৰুণাচল প্ৰদেশৰ ডিপাৰ নালু পাতিৰ, জোনাইৰ বন্দনা, ৰাহুল দলে, অৰুণাচল প্ৰদেশৰ পাদান গাঁৱৰ আন্নং পাতিৰ আৰু নামচিং গাঁৱৰ আমালি মেগু বুলি জানিবলৈ পৰা গৈছে ।

লগতে পঢ়ক :  Junmoni Rabha: ৰহস্যৰ আৱৰ্তত জোনমণি ৰাভাৰ মৃত্যু; হত্যা, আত্মহত্যা নে দুৰ্ঘটনা ?

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.