Road accident: কৰিমগঞ্জত দ্ৰুতবেগী বাহনে মহতিয়ালে পথচাৰীক

By

Published : Dec 19, 2022, 2:22 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

thumbnail

কৰিমগঞ্জত দেওবাৰে নিশা দ্ৰুতবেগী বাহনৰ খুন্দাত নিহত হয় এজন পথচাৰী(Tragic Road Accident in Karimganj) । নিশা কৰিমগঞ্জৰ অসম ত্ৰিপুৰা সংযোগী 8 নং ৰাষ্ট্ৰীয় ঘাইপথত দ্ৰুতগামী বাহনে মহতিয়াই নিয়ে পথচাৰীজনক(One death in road Accident in Karimganj) । নিহত পথাচাৰীজন নিলামবজাৰ আৰক্ষী থানাৰ অন্তৰ্গত পেটেল নগৰ অঞ্চলৰ বাসিন্দা দেবেশ দাস(60) বুলি জানিব পৰা হৈছে । TR 02 B 2170 নম্বৰৰ এখন যাত্ৰীবাহী উইঙ্গাৰ বাহনৰ খুন্দাত মৃত্যু হয় পথচাৰীগৰাকীৰ ।পেটেল নগৰ অঞ্চলৰ পৰা প্ৰায় দহ কিলোমিটাৰ দূৰলৈ ৰাজপথত চোচৰাই নি অৱশেষত নিলামবজাৰ অঞ্চলত মৃত পথচাৰীৰ নিথৰ দেহ পেলাই বাহনসহ পলায়ন কৰে চালকজনে ৷ অৱশ্যে আছিমগঞ্জ অঞ্চলৰ পৰা পাথাৰকান্দি আৰক্ষীয়ে বাহনখন জব্দ কৰিবলৈ সক্ষম হয়(Police seize vehicles that caused the accident) । আনহাতে দেবেশ দাসৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে কৰিমগঞ্জ অসামৰিক চিকিতসালয়ত প্ৰেৰণ কৰা হৈছে ৷

Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.