Nalbari Durga Puja : নৱমীৰ দিনা নলবাৰীৰ আদাট্টাৰী দুৰ্গা মন্দিৰত কুমাৰী পূজা পালন

By ETV Bharat Assamese Team

Published : Oct 23, 2023, 8:47 PM IST

thumbnail

নলবাৰী, ২৩ অক্টোবৰ : আজি মহানৱমী । সমগ্ৰ ৰাজ্যতে জাক-জমকতাৰে সজাই পৰাই তোলা পূজাস্থলীসমূহত দেখা গৈছে উখল-মাখল পৰিৱেশ । পুৱাৰে পৰা ৰাজ্যৰ ভিন্ন পূজাথলীত হাজাৰ-হাজাৰ লোকৰ সমাগম হোৱা পৰিলক্ষিত হৈছে । নলবাৰীতো প্ৰতিখন পূজাথলীত একেই পৰিৱেশ । নলবাৰীৰ ভিন্ন প্ৰান্তত নৱমীৰ দিনটোত বলি বিধানকে ধৰি আন কৰোবাত মা দুৰ্গাৰ মৃন্ময় মূৰ্তি অবিহনেও চলিছে পূজা অৰ্চনা । নলবাৰীৰ ভিন্ন পূজাথলীৰ এক বিপৰীত দৃশ্য দেখা গৈছে এখন পূজাস্থলীত । নলবাৰীৰ আদাট্টাৰীৰ বৰক্ষেত্ৰী নৱৰাত্ৰি দুৰ্গা মন্দিৰৰ প্ৰাংগণৰ পূজাস্থলীত বাহ্যিক জাক-জমকতাৰ বিপৰীতে ধৰ্মীয় ৰীতি-নীতিৰে সম্পূৰ্ণ আধ্যাত্মিকভাবে পালন কৰা হয় এই দূৰ্গা পূজা । নৱমীৰ দিনা ৯ বছৰৰ ভিতৰৰ ৯ গৰাকীকৈ ছোৱালীক কৰা হয় কুমাৰী পূজা । ৯ গৰাকী ছোৱালীক দেৱী দুৰ্গাৰ ৯ টা ৰূপত সজাই পৰাই পালন কৰা হয় কুমাৰী পূজা । দেৱী দূর্গাৰ প্ৰতিমা অবিহনে সম্পূৰ্ণ আধ্যাত্মিকভাবে কৰা হৈছে পূজা অৰ্চনা । যাৰ বাবে সমগ্ৰ নলবাৰী জিলাতেই এক সুকীয়া স্থান আছে উক্ত পূজাখনৰ । 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.