National Science Day2023: মহানগৰীত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন

By

Published : Mar 1, 2023, 2:21 PM IST

thumbnail

গুৱাহাটী, ১ মাৰ্চ: দেশৰ অন্য় প্ৰান্তৰ লগতে অসমতো মঙলবাৰে পালন কৰা হয় ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস। প্ৰতি বছৰে ২৮ ফেব্ৰুৱাৰীৰ দিনটো ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে পালন কৰি অহা হৈছে । ইয়াৰ সৈতে সংগতি ৰাখি মহানগৰীৰ বৰাগাঁওস্থিত ভাৰত চৰকাৰৰ অধীনস্থ বিজ্ঞান আৰু প্ৰযুক্তিৰ উচ্চ অধ্যয়ন প্ৰতিষ্ঠান চমুকৈ আই এ এছ এছ টিত (IASST) কালিৰে পৰা দুদিনীয়াকৈ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হৈছে । এইবেলি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ বিষয় "বিশ্বব্যাপী বিজ্ঞান বিশ্বব্যাপী মংগলৰ বাবে"ক কেন্দ্ৰ কৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হয় (National Science Day in Guwahati)।  

এই উপলক্ষে আলোচনা চক্ৰৰ উপৰি বিজ্ঞান আৰু প্ৰযুক্তিৰ উচ্চ অধ্যয়ন প্ৰতিষ্ঠানৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বিজ্ঞান মনস্কতাৰ ওপৰত এখনি চিত্ৰ প্ৰতিযোগিতাও অনুষ্ঠিত হয় (National Science Day at IASST)। ইপিনে,বুধবাৰে দিনটোত বিজ্ঞান আৰু প্ৰযুক্তিৰ উচ্চ অধ্যয়ন প্ৰতিষ্ঠানৰ বিজ্ঞান গৱেষণাগাৰ শিক্ষা প্ৰতিষ্ঠানৰ ছাত্ৰ- ছাত্ৰীসকলে দর্শনৰ লগতে অধ্যাপক সকলৰ লগত মত বিনিময় কৰা বুলি জনালে বিজ্ঞান আৰু প্ৰযুক্তিৰ উচ্চ অধ্যয়ন প্ৰতিষ্ঠানৰ সঞ্চালক আশীষ কুমাৰ মুখাৰ্জীয়ে ।

উল্লেখ্য় যে চি ভি ৰমণক 1930 চনত পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটাৰে সন্মানিত কৰা হৈছিল (C V Raman) ৷ 1928 চনৰ 28 ফেব্ৰুৱাৰীৰ দিনটোতেই চি ভি ৰমণে ৰমণ ইফেক্ট উদ্ভাৱন কৰা কথাটো আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিল ৷ ইয়াৰ পিছতেই এই উদ্ভাৱনক লৈ বিশ্বজুৰি চৰ্চা হৈছিল । এই আৱিস্কাৰৰ বাবে 1930 চনত তেওঁক নোবেল বঁটাৰে সন্মানিত কৰা হৈছিল ৷  

ইয়াৰ পিছতেই নেচনেল কাউঞ্চিল ফৰ চায়েন্স এণ্ড টেকন’ল’জী কমিউনিকেশ্যনে 28 ফেব্ৰুৱাৰীৰ দিনটোত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন কৰিব লাগে বুলি আহ্বান জনাইছিল । এই  আহ্বানৰ প্ৰতি সঁহাৰি জনাই 1987 চনৰ 28 ফেব্ৰুৱাৰীত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন কৰা হৈছিল ৷ তেতিয়াৰে পৰাই দেশত প্ৰতি বছৰে 28 ফেব্ৰুৱাৰীত এই দিৱসটো পালন কৰি অহা হৈছে ।

লগতে পঢ়ক:Nobel laureate Muhammad Yunus: সুস্থিৰ অৰ্থনীতিৰ বাবে ঔদ্যোগীকৰণৰ ওপৰত বিশেষ গুৰুত্ব আৰোপৰ আহ্বান ন’বেল বঁটা বিজয়ী মহম্মদ ইউনুছৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.