কংগ্ৰেছৰ দিনত টকা দিলে চাকৰি পাইছিল, এতিয়া সেই পৰিৱেশ নাই: ৰূপজ্যোতি কুৰ্মী

By ETV Bharat Assamese Team

Published : Dec 21, 2023, 6:11 PM IST

thumbnail

যোৰহাট,২১ ডিচেম্বৰ : অসম চৰকাৰে ৰাজ্যখনৰ গ্ৰামাঞ্চলৰ ক্ৰীড়া প্ৰতিভাৰ সন্ধান আৰু বিকাশৰ বাবে 'খেল মহাৰণ'ৰ দৰে বিশেষ কাৰ্যসূচী হাতত লৈছে । তাৰ অধীনত ইতিমধ্যে জিলাই জিলাই ক্ৰীড়া প্ৰতিযোগিতা আৰম্ভ হৈছে । বৃহস্পতিবাৰে যোৰহাট জিলাত সমষ্টি ভিত্তিক 'খেল মহাৰণ'ৰ শুভাৰম্ভ কৰে মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে । য'ত তেওঁ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰক প্ৰশংসা কৰে । চৰকাৰৰ উদ্যোগত এনে ধৰণৰ পদক্ষেপ তেওঁ পূৰ্বে কেতিয়াও দেখা নাছিল বুলি দাবী কৰে ।

ইফালে কথা প্ৰসংগত তেওঁ কয় যে কংগ্ৰেছ চৰকাৰৰ দিনত টকা দিলেহে চাকৰি লাভ কৰিছিল । কিন্তু এতিয়া সেই পৰিৱেশ নাই । দৌৰি বা জাম্প মাৰিয়ে অতি স্বচ্ছভাৱে অসম আৰক্ষী আৰু কামাণ্ডোত খেলুৱৈসকলে বা প্ৰাৰ্থীসকলে নিযুক্তি লাভ কৰিছে বুলি প্ৰাক্তন কংগ্ৰেছী নেতাগৰাকীয়ে দাবী কৰে ।

'খেল মহাৰণ'ৰ দৰে পদক্ষেপৰ বাবেই অসম গৌৰৱ হিমা দাস আৰু অম্লান বৰগোঁহাইৰ দৰে খেলুৱৈৰ সৃষ্টি হৈছে বুলিও তেওঁ দাবী কৰে । 'খেল মহাৰণ' আৰু 'সাংস্কৃতিক মহাসংগ্ৰাম'ৰ জৰিয়তে প্ৰতিভা বিকাশৰ ক্ষেত্ৰত যুৱক-যুৱতীসকলে এক সুৱৰ্ণ সুযোগ লাভ কৰিছে বুলিও ৰূপজ্যোতি কুৰ্মীয়ে দাবী কৰে ।

লগতে পঢ়ক :কাজিৰঙাত সাত দিনীয়া কাৰ্যসূচীৰে ছিল্ক এণ্ড ডাই ফেষ্টিভেল আৰম্ভ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.