কংগ্ৰেছ জনসাধাৰণৰ লগত নাই, কংগ্ৰেছ এতিয়া বাংলাদেশী আগ্ৰাসী মিঞাৰ মাজত: মানৱ ডেকা

By ETV Bharat Assamese Team

Published : Dec 18, 2023, 5:24 PM IST

thumbnail

মৰাণ, 18 ডিচেম্বৰ : সমাগত লোকসভা নিৰ্বাচন 2024 ৷ লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাজ্যৰ বিৰোধী ৰাজনৈতিক দলসমূহক একত্ৰিত কৰি কংগ্ৰেছে বিৰোধী ঐক্য মঞ্চ গঠন কৰি হেৰুৱা অস্তিত্ব ঘূৰাই আনিবলৈ চেষ্টা কৰিছে । ইয়াৰ পাচতে যেন শাসক দলৰ মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি মন্ত্ৰী-বিধায়কৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে কংগ্ৰেছ। 

সোমবাৰে ডিব্ৰুগড় জিলাৰ লাহোৱালৰ গণেশবাৰী চাহ বাগিচাৰ ৰাজহুৱা প্ৰেক্ষাগৃহত "বিকশিত ভাৰত সংকল্প যাত্ৰা"ৰ অনুষ্ঠানত অংশ লৈ কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে লখিমপুৰৰ বিধায়ক মানৱ ডেকাই । তেওঁ কয় যে, কংগ্ৰেছ এতিয়া কোনো সমষ্টিতে দ্বিতীয় স্থানতো নাই। বাংলাদেশী মুছলমান থকা সমষ্টিত AIUDF ৰ প্ৰাধান্য আছে । 

ইয়াৰোপৰি, কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক কটাক্ষ কৰি বিধায়কগৰাকীয়ে কয় যে, আজিৰ দিনত ডিমা হাছাওত নিৰ্বাচন হৈ আছে যদিও কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এই নিৰ্বাচনৰ পৰা আঁতৰি আছে। আজি কংগ্ৰেছ জনসাধাৰণৰ লগত নাই, কংগ্ৰেছে এতিয়া বাংলাদেশী আগ্ৰাসী মিঞাৰ মাজত আছে ।

লগতে পঢ়ক: ন মাহ পিচত শিশুৰ দেহৰ পৰা বাহিৰ হ'ল গুলী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.