Blade attack in Nagaon: ব্লেডেৰে আক্ৰমণ কৰি ডেলিভাৰী বয়ৰ জেপ লুটিলে দুৰ্বৃত্তই

By ETV Bharat Assamese Team

Published : Nov 2, 2023, 10:04 PM IST

thumbnail

নগাঁও, 2 নৱেম্বৰ: নগাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । ফ্লিপকাৰ্টৰ ডেলিভাৰী দিয়া এজন যুৱকক আক্ৰমণ কৰি দুৰ্বৃত্তই লুটি নিলে ধন । বৃহস্পতিবাৰে সন্ধিয়া ৰফিক উদ্দিন হুছেইন নামৰ ফ্লিপকাৰ্টৰ ডেলিভাৰী দিয়া এজন যুৱকে মাহৰুলৰ জাচিংফা ৰিজ’ৰ্টৰ সমীপত সামগ্ৰী ডেলিভাৰী দিবলৈ যোৱাৰ পথত আন্ধাৰৰ সুযোগ লৈ পাঁচ-ছজনীয়া দুৰ্বৃত্তৰ দল এটাই আগুচি ধৰি প্ৰথমে লগত থকা ধন উলিয়াই দিবলৈ ভাবুকি প্ৰদান কৰে ।

কিন্তু যুৱকজনে কোম্পানীৰ ধন বুলি দিবলৈ অস্বীকাৰ কৰাত দুৰ্বৃত্তৰ দলটোৱে ব্লেডেৰে উপৰ্যুপৰি আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে । ডেলিভাৰী যুৱকজনক ব্লেডেৰে ৰেপি আহত কৰে দুৰ্বৃত্তৰ দলটোৱে আৰু তেওঁৰ জেপৰ পৰা ধন কাঢ়ি সেই স্থানৰ পৰা পলায়ন কৰে ৷

পৰৱৰ্তী সময়ত স্থানীয় লোকৰ সহযোগত যুৱকজনক উদ্ধাৰ কৰি নগাঁও ভোগেশ্বৰী ফুকননী চিকিৎসালয়ত ভৰ্তি কৰে । ঘটনা সন্দৰ্ভত নগাঁও আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও এই পৰ্যন্ত কোনো এজন দুৰ্বৃত্তক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই ।

লগতে পঢ়ক: Massive fire breaks out : বৰপেটাৰোডত ভয়ংকৰ অগ্নিকাণ্ড; তিনিটাকৈ ঘৰ-চাৰিখন দোকান ভস্মীভূত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.