দুৰ্বৃত্তৰ টাৰ্গেট বিজেপি নেতা, শিলেৰে আক্ৰমণ

By ETV Bharat Assamese Team

Published : Jan 13, 2024, 11:51 AM IST

thumbnail

মৰাণ, 13 জানুৱাৰী: ডিব্ৰুগড়ত দুৰ্বৃত্তৰ টাৰ্গেট হৈ পৰিল বিজেপি নেতা ৷ বিজেপি নেতাক আক্ৰমণ কৰা ঘটনাই সমগ্ৰ জিলাখনতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে । ঘটনা সন্দৰ্ভত জানিব পৰা মতে, BJP নেতা তথা যুৱ ব্যৱসায়ী জোন গগৈৰ গাড়ীলৈ লক্ষ্য কৰি আক্ৰমণ চলায় দুৰ্বৃত্তই । শিল দলিয়াই দুৰ্বৃত্তই আক্ৰমণ চলায় বুলি জানিব পৰা গৈছে ৷

টেঙাখাটৰ পৰা ডিব্ৰুগড় চহৰলৈ গৈ থকা অৱস্থাত দুৰ্বৃত্তই এই আক্ৰমণ চলায় বুলি ভুক্তভোগী জোন গগৈয়ে জানিবলৈ দিয়ে । শুকুৰবাৰে নিশা প্ৰায় 10 মান বজাত সংঘটিত হৈছে এই ঘটনাটো । ঘটনাটো সংঘটিত হোৱাৰ পাছতে ঘটনাস্থলীত লাহোৱাল আৰক্ষী উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে । 

আক্ৰমণত বিজেপি নেতাজন সামান্য আঘাতপ্ৰাপ্ত হোৱাৰ লগতে গাড়ীখন ক্ষতিগ্ৰস্ত হৈছে ।

লগতে পঢ়ক:  মেৰামতিৰ পিচতেই এৰাল ব্লেক টেপিং: এয়া কেনে নিৰ্মাণ ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.