UNESCO World Heritage Site: চৰাইদেউৰ খবৰ পাই মন্ত্ৰী মহনৰ উলাহে নধৰে হিয়া

By

Published : Jan 21, 2023, 9:42 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি পোৱাৰ দিশত আৰু এখোজ আগবাঢ়িল চৰাইদেউ মৈদাম ক্ষেত্ৰ । ৰাজ্যিক প্ৰত্নতত্ব বিভাগে প্ৰস্তুত কৰা ড'চিয়াৰ কেন্দ্ৰীয় চৰকাৰৰ হাতত অৰ্পণ কৰাৰ পাছত শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে এই ড'চিয়াৰ প্ৰেৰণ কৰিছে ইউনেস্কোলৈ । চৰাইদেউ মৈদামক্ষেত্ৰ হ'ল ২০২৩ বৰ্ষত ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ বাবে প্ৰেৰণ কৰা একমাত্ৰ মনোনয়ন(UNESCO World Heritage Site) ।

২০১৪ বৰ্ষতে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ প্ৰাৰম্ভিক তালিকাত অন্তৰ্ভূক্ত হ'বলৈ সক্ষম হোৱা চৰাইদেউ মৈদাম(Charaideo Maidam) ক্ষেত্ৰৰ নাম কেন্দ্ৰীয় চৰকাৰে ইউনেস্কোলৈ প্ৰেৰণ কৰাৰ কথা আজি সংবাদমেল যোগে ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । ইয়াৰ পাছতেই এতিয়া স্বাভাৱিকতে আনন্দিত হৈ উঠিছে চৰাইদেউবাসী । ইফালে এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কেবিনেট মন্ত্ৰী যোগেন মহনে(Minister Jogen Mohan)  আজিৰ দিনটো ৰাজ্যখনৰ বাবে আনন্দৰ দিন বুলি তেওঁ উল্লেখ কৰে ৷ 

মন্ত্ৰী যোগেন মহনে চৰাইদেউ মৈদাম ক্ষেত্ৰই বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ লগে লগেই চৰাইদেউৱে(World Heritage Site status for Charaideo maidams) এক নতুন মাত্ৰা লাভ কৰিব বুলি মন্তব্য কৰে । মন্ত্ৰীজনে লগতে কয়, বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি পোৱাৰ দিশত প্ৰায় নব্বৈ শতাংশ কাম হৈ উঠিল । ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেৰানেপেৰা প্ৰচেষ্টাৰ ফলত চৰাইদেউৱে এই সন্মান লাভ কৰিবলৈ সক্ষম হৈছে । এই স্বীকৃতিয়ে অসমীয়া মানুহৰ দীৰ্ঘদিনীয়া আৱেগক স্বীকৃতি প্ৰদান কৰিছে ।

চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰাৰ পাছতেই চৰাইদেউ জিলাখনতো উদ্যোগ ক্ষেত্ৰত আগবাঢ়ি যাব বুলি আশা প্ৰকাশ কৰে মন্ত্ৰী যোগেন মহনে । কিয়নো চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চিহ্নিত হোৱাৰ পাছত বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিব চৰাইদেউ মৈদাম । আনহাতে চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ দিশে আগবঢ়ি যোৱাৰ খবৰ ৰাজহুৱা হোৱাৰ পাছতেই চৰাইদেউ মৈদাম ক্ষেত্ৰৰ সন্মুখত ফটকা ফুটাই আনন্দ কৰিছে ৰাইজে ।

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.