Mid day meal workers protest: জুইত ভাত বনোৱা ৰান্ধনীয়ে মৰিবলৈও ভয় নকৰে - প্ৰতিবাদকাৰী

By

Published : Jul 20, 2023, 4:43 PM IST

thumbnail

মৰিগাঁও, 20 জুলাই : মৰিগাঁও জিলাত প্ৰতিবাদত নামিল সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়ন কৰ্মীসকল ৷ বিশেষকৈ মাহেকীয়া মাননি পোন্ধৰ শ টকাৰ পৰিবৰ্তে 10 হাজাৰ টকালৈ বৃদ্ধি কৰা দাবীৰে বৃহস্পতিবাৰে মৰিগাঁৱত মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থাই এই প্ৰতিবাদী কাৰ্যসূচী হাতত লয় ৷ 
বৰ্তমানে প্ৰদান কৰা মাহেকীয়া মাননিৰ ১৫০০ টকাৰ বিপৰীতে কৰ্মচাৰীসকলক ১০০০ টকা প্ৰদান নকৰি সম্পূৰ্ণ মাননি আদায় দিবলৈ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ৷ প্ৰতিবাদী সমদলটোৱে মৰিগাঁও জিলা আয়ুক্ত কাৰ্যলয়ৰ সন্মুখত এই জুই জ্বলিছে জলিবই, এই সংগ্ৰাম চলিছে চলিবই, নৰেন্দ্ৰ মোদী হায় হায়, হিমন্ত বিশ্ব শৰ্মা হায় হায়, বিজেপি চৰকাৰ গ'বেক , ৰান্ধনীক দৰমহা দিব নোহোৱা চৰকাৰ হায় হায় আদি বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে । ইয়াৰোপৰি প্ৰতিবাদকাৰী সকলে হাতে হাতে বিভিন্ন দাবী সম্বলিত প্লে’কাৰ্ড লৈ মৰিগাঁও উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ৷ আনহাতে প্ৰতিবাদকাৰীসকলে পাঁচটা দাবী সম্বলিত এখন স্মাৰক পত্ৰ অসমৰ শিক্ষামন্ত্ৰীলৈ মৰিগাঁও জিলাৰ উপায়ুক্তৰ জৰিয়তে প্ৰেৰণ কৰে।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.