Tragic road accident: মাণিকপুৰত তিনিখন বাহনৰ মাজত সংঘৰ্ষ; নিহত 1 আহত 3

By ETV Bharat Assamese Team

Published : Aug 31, 2023, 9:51 AM IST

thumbnail

মাণিকপুৰ, 31 আগষ্ট : বৃহস্পতিবাৰে পুৱাই বঙাইগাঁও জিলাৰ মাণিকপুৰৰ 27 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা ৷ এখন কন্টেইনাৰ আৰু দুখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষৰ হোৱাৰ ফলত সংঘটিত হয় এক পথ দুৰ্ঘটনাটো ৷ এই দুৰ্ঘটনাত এজন লোক নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় তিনিজন । নিহত ব্যক্তিজন চিৰাং জিলাৰ বিজনী শিলবাৰীৰ সনাতন ৰায় (40) বুলি জানিব পৰা গৈছে ৷

গুৰুতৰভাৱে আহতসকল ক্ৰমে কলকাতাৰ আজিৰ শেখ (23) আৰু আজাদ শেখ (18), চাপৰ টিলাপাৰাৰ আছান আলী (23) ৷ ইয়াৰে আহত এজনক বঙাইগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় । ইফালে কলকাতাৰ ট্ৰাকৰ চালক আৰু হেণ্ডিমেন আজিৰ আৰু আজাদে আহত অৱস্থাতে মাণিকপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ৰ পৰা পলায়ন কৰে ।

দুৰ্ঘটনাত পতিত হোৱা কন্টেনাৰখনৰ নম্বৰ হৈছে AS 25 DC 9855 আৰু ট্ৰাকখনৰ নম্বৰ হৈছে NL 01 AD 2554 ৷ দুৰ্ঘটনাত পতিত হোৱা আনখন ট্ৰাকৰ নম্বৰ হৈছে AS 01 EC 9034 ৷

লগতে পঢ়ক : Pratah Prasanga at Namghar: একান্ত ভকতসৱে নিৰ্গুণ কৃষ্ণৰ গুণ গাৱে সদা বসিয়া যথাত; টীয়কত গোপিনীৰ প্ৰাতঃ প্ৰসংগ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.