AASU Protest Against Price Hike: মূল্যবৃদ্ধিৰ প্ৰতিবাদত লখিমপুৰত আছুৰ বিক্ষোভ

By

Published : Apr 25, 2023, 7:07 PM IST

thumbnail

লখিমপুৰ, ২৫ এপ্রিল : মঙলবাৰে মূল্যবৃদ্ধিৰ বিৰুদ্ধে সদৌ অসম ছাত্র সন্থাৰ আহ্বানক্ৰমে সমগ্র ৰাজ্যৰ প্ৰতিখন জিলাতে ছাত্র সন্থাই বিক্ষোভ কাৰ্যসূচী গ্রহণ কৰে (AASU protest against price hike) । একেদৰে লখিমপুৰতো শ্বহীদ বাকৰিৰ সমীপত লখিমপুৰ জিলা ছাত্র সন্থাই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে (Lakhimpur AASU protest against price hike) ।

ৰন্ধন গেছকে ধৰি অত্যাৱশ্যকীয় সামগ্রীৰ মূল্যবৃদ্ধি, টোল কৰ আদিৰ প্ৰতিবাদত আছুৱে এই কাৰ্যসূচী গ্রহণ কৰে (AASU protest against LPG price hike) । লখিমপুৰত শ্বহীদ বাকৰিৰ সমীপত লখিমপুৰ জিলা ছাত্র সন্থাই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে । বিজেপি গ' বেক, মূল্যবৃদ্ধি ৰোধ কৰক, যোগান মন্ত্রীৰ কাম নাই আদি শ্লোগান দি বিক্ষোভস্থলী উত্তাল কৰি তোলে । বিক্ষোভ কাৰ্যসূচীত অংশগ্রহণ কৰি জিলাখনৰ ছাত্র নেতাসকলে কয় বয়বস্তুৰ মূল্যবৃদ্ধি ৰোধত চৰকাৰখন চৰমভাৱে ব্যৰ্থ হৈছে ।

মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাক দুৰ্ভোগ ভোগাইছে । জনতাৰ দুৰ্দশা দেখিও চৰকাৰ নীৰৱ হৈ আছে । এইখন চৰকাৰ সাধাৰণ জনতাৰ নহয়, পুঁজিপতিৰ চৰকাৰ বুলিহে কটাক্ষ কৰে । পুঁজিপতিৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাহিৰে সাধাৰণ মানুহৰ কথা চিন্তা কৰিবলৈ চৰকাৰৰ আহৰি নাই বুলিও ক্ষোভ উজাৰে ।

লগতে পঢ়ক :Exclusive interview: অপৰাধীৰ বাবে দুঃস্বপ্ন হৈ পৰা এগৰাকী আৰক্ষী অধীক্ষক; এবছৰত জব্দ কৰিলে প্ৰায় ১২৩ কোটি টকাৰ ড্ৰাগছ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.