Cloth Seized in Bongaigaon : দ’মে দ’মে কাপোৰ ওলাইছে নিউ বঙাইগাঁও ৰে’লৱে ষ্টেচনত

By ETV Bharat Assamese Team

Published : Sep 30, 2023, 8:04 PM IST

thumbnail

বঙাইগাঁও, 30 ছেপ্টেম্বৰ: নিউ বঙাইগাঁও ৰে’লৱে ষ্টেচনত ওলাইছে কাপোৰৰ দ’ম ৷ উজনিমুৱা কামৰূপ এক্সপ্ৰেছৰ পৰা জব্দ কৰা হৈছে প্ৰায় 231 বস্তা কাপোৰ ৷ শনিবাৰে দুপৰীয়া ভাগত নিউ বঙাইগাঁও ৰে’লৱে ষ্টেচনত বিক্ৰীকৰ আৰু অসম ৰে’ল আৰক্ষীৰ অভিযানত জব্দ কৰে বৃহৎ পৰিমাণৰ কাপোৰখিনি ৷

জানিব পৰা মতে, কামৰূপ এক্সপ্ৰেছেৰে বিক্ৰীকৰৰ ফাঁকি দি অবৈধভাৱে সৰবৰাহ কৰা হৈছিল প্ৰায় 231 বস্তা কাপোৰ ৷ অভিযোগ অনুসৰি, শাৰদীয় দুৰ্গা পূজাৰ পূৰ্বে একাংশ ব্যৱসায়ীয়ে বিক্ৰীকৰ ফাঁকি দি বহিঃৰাজ্যৰ পৰা অসমলৈ সৰবৰাহ কৰিছে এইসমূহ কাপোৰ ৷

গোপন খবৰৰ ভিত্তিত শনিবাৰে দুপৰীয়াৰ ভাগত উজুনিমুৱা কামৰূপ এক্সপ্ৰেছত অভিযান চলায় অসম ৰে’ল আৰক্ষী আৰু বিক্ৰীকৰ বিভাগে ৷ অভিযানৰ সময়তে অবৈধ ভাবে সৰবৰাহ কৰা বৃহৎ পৰিমাণৰ কাপোৰ জব্দ কৰা হয় ৷ 

লগতে পঢ়ক;One detained with illegally smuggled gold: নিউ বঙাইগাঁও ৰেল ষ্টেচনত সোণসহ আটক এজন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.