Road accident: ৰহাত ভয়ংকৰ পথ দুৰ্ঘটনা

By

Published : Feb 11, 2023, 6:28 PM IST

Updated : Feb 14, 2023, 11:34 AM IST

thumbnail

ৰহা,১১ ফ্ৰেব্ৰুৱাৰী: নগাঁৱৰ ৰহাত ভয়ংকৰ পথ দুৰ্ঘটনা(Horrific road accident in Raha) । দ্ৰুতবেগী ট্ৰাকৰ খুন্দাত দুৰ্ঘটনাগ্ৰস্ত যাত্ৰীবাহী ট্ৰেভেলাৰ । কথমপি প্ৰাণ ৰক্ষা পৰে প্ৰায় ২৮ গৰাকী যাত্ৰীৰ । শনিবাৰে পুৱাৰভাগত ৰহাত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো ৷ ৰহা চাৰিআলিৰ সমীপত গুৱাহাটী-নগাঁও ফ'ৰলেন হাইৱেৰ ওপৰত গুৱাহাটীৰ পৰা নগাঁও অভিমুখী AS01 HC1641 নম্বৰ এখন যাত্ৰীবাহী ট্ৰেভেলাৰ আৰু AS01 NC0427 নম্বৰৰ এখন ট্ৰাকৰ মাজত হোৱা সংঘৰ্ষৰ ফলত বহু পৰিমাণে ক্ষতিগ্ৰস্ত হয় ট্ৰেভেলাৰখনৰ পিছৰ অংশ । 

অৱশ্যে দুৰ্ঘটনাটোত ট্ৰেভেলাৰখনৰ কোনো লোক আহত হোৱা নাই(No one was injured in a road accident) । ট্ৰেভেলাৰখনৰ চালকে জনোৱা অনুসৰি প্ৰায় ২৮ গৰাকী যাত্ৰী লৈ গুৱাহাটীৰ পৰা নগাঁও অভিমুখে আহি থকা সময়তে পিচফালৰ পৰা তীব্ৰবেগী ট্ৰাকখনে খুন্দা মাৰে । ফলত ট্ৰেভেলাৰখনৰ পিছৰ অংশ বেয়াকৈ ক্ষতিগ্ৰস্ত হয় । ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ ৰহা আৰক্ষীয়ে জব্দ কৰে দুয়োখন বাহন । 

উল্লেখ্য যে গুৱাহাটী-নগাঁও ফ'ৰলেন হাইৱেত দিনকদিনে বৃদ্ধি পাইছে দুৰ্ঘটনাৰ সংখ্যা । প্ৰতিদিনে তীব্ৰবেগী ট্ৰাক বা ডাম্পাৰৰ দৌৰাত্ম বৃদ্ধি পোৱাৰো অভিযোগ দীৰ্ঘদিন ধৰি উত্থাপন কৰি আহিছে ৰহাবাসীয়ে । ৰহা চাৰিআলিৰ দুয়োফালে গতিৰোধক স্থাপনৰ বাবে আহ্বান জনোৱাৰ পাচতো আজিলৈকে প্ৰশাসনে কোনো গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত নহ'ল । যাৰ পৰিপ্ৰেক্ষিতত এনেদৰে উক্ত স্থানত সঘনে সংঘটিত হৈ থাকে দুৰ্ঘটনা । 

মনকৰিবলগীয়া যে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে(Union Ministry of Road Transport and Highways) প্ৰকাশ কৰা ‘ৰোড এক্সিডেণ্ট ইন ইণ্ডিয়া-2021’(Road accident in India 2021) শীর্ষক প্ৰতিবেদনত প্ৰকাশ পাইছিল পথ দুৰ্ঘটনা সন্দৰ্ভত এক ভয়ংকৰ তথ্য । প্ৰতিবেদনত প্ৰকাশ পোৱা পৰিসংখ্যা অনুসৰি অসমত মৃত্যুৰ অন্যতম কাৰণ হৈ পৰিছে পথ দুৰ্ঘটনা ৷ ইফালে আকৌ পথ দুৰ্ঘটনাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যাৰ ক্ষেত্ৰত অসম দেশৰ ভিতৰতে ১৮ নম্বৰ স্থানত আছে । পৰিবহন বিভাগে বহু ব্যৱস্থা হাতত লৈছে যদিও দুৰ্ঘটনা ৰোধত যেন এক প্ৰকাৰ ব্যৰ্থ হৈ পৰিছে । 

লগতে পঢ়ক: Death anniversary of Swahid Madan Gogoi: মেলেঙৰ পাখিমৰাত শ্বহীদ মদন গগৈৰ মৃত্যু দিৱস পালন

Last Updated : Feb 14, 2023, 11:34 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.