Hojai police seized fake currency with two persons: হোজাইত বৃহৎ পৰিমাণৰ নকল টকাসহ দুটাক গ্ৰেপ্তাৰ

By

Published : Jun 3, 2023, 11:49 AM IST

thumbnail

হোজাই, 3 জুন : হোজাই চহৰত শুকুৰবাৰে নিশা আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ নকল টকা জব্দ কৰাৰ লগতে এখন চাৰিচকীয়া বাহন জব্দ কৰে । নিশা হোজাইৰ অপৰাধ নিয়ন্ত্রণ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পল্লৱ তামুলীৰ নেতৃত্বত যোৱা এটি দল আৰু হোজাই আৰক্ষীৰ চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ সহযোগত এক গোপন সূত্ৰৰ ভিত্তিত হোজাই মেইন ৰোডত অৱস্থিত হোটেল লাকজাৰী পার্কত অভিযান চলোৱা হয় । 

অভিযানকালত হোটেলখনৰ এটা কোঠাৰ পৰা ডিব্ৰুগড়ৰ মুকুল কুমাৰ শ্বাহ আৰু সুনীল কুমাৰ সাৱসাৰীয়া নামৰ দুটাৰ পৰা ১ লাখ ১১ হাজাৰ ৫০০ টকাৰ জালনোট আৰু ২ লাখ ১৩ হাজাৰ ৯০০ নগদ (original) ধন জব্দ কৰাৰ লগতে দুয়োকে গ্ৰেপ্তাৰ কৰে (Hojai police seized fake currency with two persons) ।

আৰক্ষীয়ে দুয়োৰে পৰা কেইবাখনো এ টি এম কাৰ্ড, এখন চাৰিচকীয়া বাহন আৰু অন্যান্য নথি -পত্ৰ জব্দ কৰে । ধৃত দুটাই ক'ৰ পৰা এই নকল টকাখিনি কাক দিবলৈ আনিছিল সেয়া তদন্তৰ অন্ততহে জানিব পৰা যাব । সম্প্রতি দুয়োকে হোজাই জিলা আৰক্ষীৰ শীর্ষ বিষয়াই জেৰা চলাই আছে (Hojai police detained two persons)।

লগতে পঢ়ক : Violence in Manipur: পুনৰ মণিপুৰত কুকি উগ্ৰপন্থীৰ নৃশংসতা; সাধাৰণ নাগৰিকৰ ওপৰত নিৰ্বিচাৰ গুলীচালনা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.