Satyaranjan roars against CM: অৰ্ণমাই বৰাৰ ন্যায়ৰ প্ৰসংগত মুখ্যমন্ত্ৰীৰ মৌনতাক সমালোচনা সত্যৰঞ্জনৰ

By

Published : Jan 20, 2023, 7:59 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

‘‘অসম ভূমিক দ্বিখণ্ডিত কৰি কমতাপুৰ গঠন হোৱাটো মই নিবিচাৰো ৷ অৰ্ণমাই বৰাৰ ন্যায়ৰ প্ৰসংগত কিয় মাত মতা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ? অসমীয়া নাৰীৰ তথা সনাতন মহিলাৰ সতীত্ব হৰণৰ কথা কৈ নিৰ্বাচনী বৈতৰণী পাৰ হোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অৰ্ণমাই বৰাৰ বিষয়ত এতিয়া নিমাত কিয় ?’’ যোৰহাটত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ বিস্ফোৰণ (Satyaranjan Bora on Arnamai Bora case) ৷ 

শুকুৰবাৰে যোৰহাটত অনুষ্ঠিত এক সংবাদমেলত এইদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই (Satyaranjan Bora criticizes CM Himanta) ৷ তেওঁ প্ৰথমেই অৰ্ণমাই বৰা ধৰ্ষণ আৰু হত্যাকাণ্ডৰ দোষীয়ে শাস্তি ৰেহাই পোৱা প্ৰসংগটো উল্লেখ কৰি আৰক্ষীক তীব্ৰ সমালোচনা কৰে ৷ অৱসৰপ্ৰাপ্ত আই জি পি ভায়’লেট বৰুৱাই আৰক্ষীয়ে উপযুক্তভাৱে তদন্ত কৰি গোচৰটোৰ তথ্য-প্ৰমাণ দাখিল নকৰা বুলি কৰা অভিযোগৰ কথা উল্লেখ কৰি বৰাই কয় যে, আৰক্ষীক শুদ্ধভাৱে কাম কৰাত কোনোবাই বাধা প্ৰদান কৰিছে (Arnamai Bora death controversy) ৷ 

সত্যৰঞ্জন বৰাৰ মতে, হিমন্ত বিশ্ব শৰ্মাই কেৱল নিৰ্বাচনী ইচ্যু কৰি ৰাখিলে এই ঘটনাক ৷ অৰ্ণমাই বৰাৰ কথা কৈ কৈ '21 ৰ নিৰ্বাচন জয়ী হোৱা বুলি উল্লেখ কৰি বৰাই হিমন্ত বিশ্ব শৰ্মাক মুছলমান প্ৰিয় বুলি আখ্যা দিয়ে ৷ কেৱল দেখুৱাবৰ বাবে হিন্দুত্বৰ কথা কোৱা হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশী আৰু মুছলমানক ৰক্ষণাবেক্ষণ দিয়াৰ চেষ্টা চলোৱা বুলি বিস্ফোৰক অভিযোগ কৰে সত্যৰঞ্জন বৰাই ৷

উল্লেখ্য যে, 2017 চনত সংঘটিত হৈছিল অৰ্ণমাই বৰাৰ ধৰ্ষণ আৰু হত্যাকাণ্ড (Arnamai Bora rape murder case) ৷ 2021 চনৰ নিৰ্বাচনৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মাই হিন্দু মহিলাৰ সতীত্ব হৰণৰ কথা কৈ অৰ্ণমাই বৰাৰ হত্যাক নিৰ্বাচনী ইছ্যু কৰিছিল ৷ ‘‘মোৰ মা অৰ্ণমাই বৰাক ধৰ্ষণ কৰি হত্যা কৰা অপৰাধীক মই কিয় সমৰ্থন কৰিম’’ বুলি নিৰ্বাচনী প্ৰচাৰ সভাত ডিঙিৰ শিৰ ফুলাই ফুলাই কৈছিল হিমন্ত বিশ্ব শৰ্মাই ৷ কিন্তু তেওঁৰ মুখ্যমন্ত্ৰিত্বৰ কালতেই আৰক্ষীয়ে উপযুক্ত প্ৰমাণ দিব নোৱৰাৰ বাবে উচ্চ ন্যায়ালয়ে দুয়োটা দোষীক হোজাই জিলা আদালতে দিয়া মৃত্যুদণ্ডৰ ৰায়ক খাৰিজ কৰে ৷ এই ঘটনাক লৈ ইতিমধ্যে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তয়ো আৰক্ষীৰ দ্বাৰা হোৱা ভুল স্বীকাৰ কৰিছে ৷

সত্যৰঞ্জন বৰাই লগতে কয় যে, এতিয়া  হিন্দু সুৰক্ষাৰ কথা ক’বলৈ বাদ দিয়ক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ গো-সুৰক্ষা আইনৰ নামতো মুখ্যমন্ত্ৰীয়ে হিন্দুক আভুৱা ভাৰিছে বুলি বৰাই উল্লেখ কৰে ৷ কেৱল অৰ্ণমাই বৰাই নহয়, কৰিমগঞ্জতো শম্ভূ কৈৰী নামৰ ১৬ বছৰীয়া কিশোৰজনক ডিঙি ৰেপি হত্যা কৰাৰ পিচতো মুখ্যমন্ত্ৰী মৌন কিয় বুলি প্ৰশ্ন কৰে সত্যৰঞ্জন বৰাই (Sambhu Koiri murder in Karimganj) ৷ ইয়াৰ লগতে পৃথক কমতাপুৰ, মুছলমানৰ জনসংখ্যা বৃদ্ধি আদি বহুকেইটা বিষয় উল্লেখ কৰে হিন্দুত্ববাদী নেতাগৰাকীয়ে ৷

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.