অনুষ্কাৰ ৰহস্যজনক আত্মহননক লৈ চাঞ্চল্য; বনকৰা মহিলাক জেৰা

By ETV Bharat Assamese Team

Published : Nov 26, 2023, 8:00 PM IST

thumbnail

গুৱাহাটী, ২৬ নৱেম্বৰ : পুনৰ এক ৰহস্যঘন ঘটনাই জোঁকাৰিছে গুৱাহাটী মহানগৰীৰ লগতে সমগ্ৰ ৰাজ্য ৷ মহানগৰীত ভাড়াতীয়া হিচাবে থকা এগৰাকী যুৱতী তথা মেক-আপ্ আৰ্টিষ্টৰ মৃতদেহ উদ্ধাৰৰ পাচতেই সৃষ্টি হৈছে চাঞ্চল্যৰ ৷  

ৰহস্যজনকভাৱে গুৱাহাটীৰ এটা ভাড়াঘৰত দেওবাৰে উদ্ধাৰ হ’ল ধেমাজিৰ এগৰাকী যুৱতীয়ে চিপ লৈ থকা অৱস্থাত ৷ অমৃত উদ্যানৰ সন্মুখৰ নামঘৰ পথৰ ৩ নং ঘৰত উদ্ধাৰ হয় অনুষ্কা শইকীয়া নামৰ মেক্আপ আৰ্টিষ্টগৰাকীৰ মৃতদেহ ৷ ধেমাজিৰ অনুষ্কা শইকীয়া নামৰ মৃত যুৱতীগৰাকী এবিচিৰ এখন বিউটী পাৰ্লাৰতো কৰ্মৰত আছিল ৷

যুৱতীগৰাকীৰ পৰিয়ালৰ লোকৰ লগতে স্থানীয় লোকৰ মতে এয়া এক পৰিকল্পিত হত্যাকাণ্ড ৷ এই পৰ্যন্ত অজ্ঞাত কাৰণত যুৱতীগৰাকীক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়া বুলি একাংশই সন্দেহ ব্যক্ত কৰিছে ৷ ঘটনা সন্দৰ্ভত আৰক্ষী আৰু ফৰেনছিকৰ দলে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে ।

ইফালে ঘটনা সন্দৰ্ভত এগৰাকী বনকৰা মহিলাক সোধাপোছাৰ বাবে আটক কৰিছে আৰক্ষীয়ে । প্ৰকৃততে ঘটনাটো আত্মহত্যা নে হত্যা সেয়া আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব ৷

লগতে পঢ়ক : সামাজিক মাধ্যমত সমালোচনা সহিব নোৱাৰি আত্মহত্যা কিশোৰৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.