Gutia ferry closed between aphalamukh Nimati: অফলামুখ-নিমাতী মাজত বন্ধ গুটীয়া ফেৰী

By

Published : Jun 16, 2023, 10:51 AM IST

thumbnail

মাজুলী, 16 জুন : বিগত কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ । বাঢ়নী পানীয়ে ব্যাহত জন্মাইছে ফেৰী চলাচলত ৷ যাৰ পৰিপ্ৰেক্ষিতত অফলামুখ-নিমাতীৰ মাজত বন্ধ ৰখা হৈছে গুটীয়া ফেৰী । অসুবিধাত পৰিছে মাজুলীবাসী ৰাইজ ৷ 

ৰেম্পৰ অসুবিধাৰ লগতে ব্ৰহ্মপুত্ৰ নদীৰ বাঢ়নী পানীত জাৱৰ-জোথৰ আৰু কাঠ উটি অহাৰ বাবে যাত্ৰীৰ জীৱনৰ প্ৰতি লক্ষ্য ৰাখি বিভাগীয় কৰ্তৃপক্ষই বন্ধ কৰিছে গুটীয়া ফেৰী । বৰ্তমান চৰকাৰী দুখন ফেৰীয়েই নিমাতী অফলামুখৰ মাজত চলাচল কৰি আছে । যদি ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ আজি হ্ৰাস পাই তেতিয়া কাইলৈৰ পৰা পুনৰ গুটীয়া ফেৰী চলাচল কৰিব পাৰিব বুলি জানিবলৈ দিছে আভ্যন্তৰীণ জলপৰিবহণ বিভাগৰ লোকে ।

লগতে পঢ়ক : Cyclone Biparjoy : গুজৰাটত বিপৰ্যয়ৰ তাণ্ডৱ: আজি ৰাজস্থানত কালৰূপ ধাৰণ কৰাৰ সম্ভাৱনা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.