ফাঁচী বজাৰ স্থানান্তৰ কৰিবলৈ মাটি বিচাৰি ফুৰিছে জি এম ডি এয়ে

By ETV Bharat Assamese Team

Published : Dec 1, 2023, 7:12 PM IST

thumbnail

গুৱাহাটী, 28 নৱেম্বৰ : উত্তৰ-পূৰ্বাঞ্চলৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰস্বৰূপ ফাঁচী বজাৰৰ পাইকাৰী বজাৰখন স্থানান্তৰৰ কথা চৰকাৰে প্ৰকাশ কৰাৰ পিছতে ফাঁচী বজাৰত বছৰ বছৰ ধৰি ব্যৱসায় কৰি অহা ব্যৱসায়ীসকল‌ শংকিত হৈ পৰিছে ৷ অধিকাংশ ফাঁচী বজাৰৰ‌ ব্যৱসায়ীয়ে চৰকাৰৰ এই পৰিকল্পনাৰ বিৰোধিতা কৰিছে ৷ সেই সময়তে শুকুৰবাৰে পুনৰ জি এম ডি এৰ অধ্যক্ষ নাৰায়ণ ডেকাই সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰে ৷

ফাঁচী বজাৰ স্থানান্তৰ সম্পৰ্কে তেওঁ কয় যে, ফাঁচী বজাৰৰ পৰা গেলামালৰ পাইকাৰী বজাৰ স্থানান্তৰ কৰাৰ পৰিকল্পনা কৰা হৈছে ৷ গুৱাহাটীৰ যান-জঁট আৰু বৰ্ধিত জনসংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি এই পাইকাৰী বজাৰখন স্থানান্তৰিত কৰাৰ চিন্তা চৰ্চা কৰা হৈছে ৷ বজাৰখন স্থানান্তৰ কৰাৰ বাবে মাটি বিচাৰি থকা হৈছে ৷

তেওঁ কয় যে, ফাঁচী বজাৰৰ বিকল্প বজাৰ স্থাপন কৰাৰ কথা চিন্তা কৰা হৈছে ৷ এই সন্দৰ্ভত আলাপ-আলোচনা চলি আছে ৷ সকলোৰে সহায় হ'লেহে এই বজাৰ স্থানান্তৰিত কৰিব পৰা হ’ব ৷ বজাৰখনৰ বাবে উত্তৰ গুৱাহাটী আৰু চাংসাৰিত 150ৰ পৰা 200  বিঘা মাটি বিচাৰি থকা হৈছে বুলি কয় অধ্যক্ষজনে ৷ 

লগতে পঢ়ক : উৰণ সেঁতু নিৰ্মাণৰ আঁৰত মুখ্যমন্ত্ৰীৰ আছে ঘৰুৱা এজেণ্ডা- পুনৰ গৌৰৱ গগৈৰ চোকা আক্ৰমণ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.