Goa Diwas: ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত গোৱা দিৱস উদযাপন

By

Published : Jun 17, 2023, 8:50 PM IST

thumbnail

গুৱাহাটী, 17 জুন: মহানগৰীৰ বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত শুকুৰবাৰে উদযাপন কৰা হয় গোৱা দিৱস ৷ এক ভাৰত শ্ৰেষ্ঠ ভাৰত কাৰ্যসূচীৰ অংশ হিচাপে উদযাপন কৰা হয় এই দিৱস ৷ এই অনুষ্ঠানত উপস্থিত থাকে গোৱাৰ কেবিনেট মন্ত্ৰী নিলেশ কাবৰাল, বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক সুনীল দেওধৰ, অসম চৰকাৰৰ মন্ত্ৰী ৰঞ্জিত দাস প্ৰমুখ্যে কেইবাগৰাকী বিজেপিৰ বিশিষ্ট নেতা আৰু কৰ্মী ৷

গোৱাৰ পৰ্যটন, পৰিৱেশ, সৌন্দৰ্য আদিৰ বিষয়ে অসমৰ ৰাইজক অৱগত কৰোৱাৰ উদ্দেশ্যে অনুষ্ঠিত কৰা হয় এই গোৱা দিৱসৰ ৷ লগতে অসমৰ লোকসকলক গোৱালৈ নিমন্ত্ৰণ দিয়ে গোৱাৰ কেবিনেট মন্ত্ৰী নিলেশ কাবৰালে ৷ পৰবৰ্তী সময়ত আন আন ৰাজ্যসমূহতো গোৱা দিৱস উদযাপন কৰাৰ কথা সদৰি কৰে মন্ত্ৰী গৰাকীয়ে ৷

উল্লেখ্য যে একেদৰেই গোৱাৰ জনসাধাৰণক অসমৰ বিষয়ে অৱগত কৰিবলৈ আগন্তুক দিনত গোৱাত অসম দিৱস উদযাপন কৰিব চৰকাৰে ৷

লগতে পঢ়ক: Allegations of bribery : শিৱসাগৰত অইলত চাকৰি দিয়াৰ নামত নিবনুৱাক প্ৰৱঞ্চনাৰ অভিযোগ দুই বিজেপি নেত্ৰীৰ বিৰুদ্ধে

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.