Free medical camp in Jonai :২২ জুলাইত জোনাইত বিনামূলীয়া চিকিৎসা শিবিৰ

By

Published : Jul 19, 2023, 8:09 PM IST

thumbnail

জোনাই, 19 জুলাই : জোনাইবাসী ৰাইজৰ বাবে এটি সু-খবৰ । জোনাই টাউন ক্লাৱ প্ৰাংগণত AJYCP ৰ উদ্যোগত অহা ২২ জুলাইত অনুষ্ঠিত হ’ব বিনামূলীয়া চিকিৎসা শিবিৰ / জোনাইবাসী ৰাইজক বিনামূলীয়া চিকিৎসা সেৱা ল’বলৈ আহ্বান AJYCP ৰ ৷

জোনাই টাউন ক্লাৱ প্ৰাংগণত ২২ জুলাই তাৰিখে পুৱা ৯ বজাৰ পৰা ২ বজালৈ অনুষ্ঠিত হ’বলগীয়া এই স্বাস্থ্য শিবিৰ অনুষ্ঠানত উপস্থিত থাকিব ইউৰ’লজীৰ চিকিৎসক ডা: অপৰাজিতা শাণ্ডিল্য আৰু মূত্ৰ ৰোগ বিশেষজ্ঞ ডা: ছফদৰ হায়াত হুছেইন । 

গতিকে অহা ২২ জুলাই তাৰিখে জোনাই টাউন ক্লাৱ প্ৰাংগণত সম্পূৰ্ণ বিনামূলীয়াকৈ অনুষ্ঠিত হ’বলগীয়া এই চিকিৎসা শিবিৰত যিসকল লোকৰ কিডনীত পাথৰ, সঘনাই প্ৰস্ৰাৱ লগা, প্ৰস্ৰাৱ ধৰি ৰাখিব নোৱাৰা, পুৰুষ আৰু মহিলাৰ যৌনগত সমস্যা,  ৰক্তক্ষৰণ হোৱা মহিলাৰ প্ৰস্ৰাৱৰ বিভিন্ন ধৰণৰ সমস্যা, শিশুসকলৰ প্ৰস্ৰাৱ কমকৈ হোৱা, তল পেটৰ বিষ আদি সমস্যাত ভূগি আছে তেনেলোকে যথা সময়ত উপস্থিত থাকি চিকিৎসকৰ সেৱা গ্ৰহণ কৰিব পাৰিব বুলি জানিবলৈ দিয়ে AJYCP ধেমাজি জিলা সভাপতি জ্ঞান শৰ্মাই ৷

লগতে পঢ়ক : Corruption in Jonai:জোনাইত নিৰ্মীয়মান চিকিৎসালয়ত ওলাইছে বৃহৎ বৃহৎ ফাট

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.