সেউজীয়াৰ মাজত মন ৰঙীণ হ’ল বগা চাহাবৰ

By ETV Bharat Assamese Team

Published : Nov 17, 2023, 6:43 PM IST

thumbnail

কলিয়াবৰ, 17 নৱেম্বৰ : এটি বিদেশী পৰ্যটকৰ দল বৃহস্পতিবাৰে বৰলুইতৰ বুকৰে এম ভি মহাবাহুৰে যাত্ৰা কৰি কলিয়াবৰৰ শিলঘাটত উপস্থিত হয় । উপস্থিত হৈয়েই প্ৰথমে তেওঁলোকে অসম সমবায় মৰাপাট কল পৰিদৰ্শন কৰে আৰু তাৰ পাচত কলিয়াবৰ চাহ বাগিচাত উপস্থিত হয় ৷ বাগিচাত উপস্থিত হৈ সেউজী শোভাৰ মাজত বিলীন হৈ পৰে পৰ্যটকসকল ৷ বাগিচাতে বিহুনাচ উপভোগ কৰে দলটিয়ে । ঢোলো বজালে তাৰ মাজৰে এজনে ৷

বাগিচাত পৰিভ্ৰমণ কৰি থকাৰ মাজতে এজন বৃটিছ পৰ্যটকৰ চকুত পৰে ৰয়েল এনফিল্ড মটৰচাইকেল এখন  । স্থানীয় এগৰাকী সাংবাদিকে বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিল তালৈ ৷ ৰখাই থোৱা বুলেটখন দেখি আগবাঢ়ি আহে পৰ্যটক ৷ জানিবলৈ বিচাৰে বুলেটখনৰ বিষয়ে । মটৰচাইকেলখন লিৰিকি-বিদাৰি চাই যথেষ্ট সাল-সলনি কৰিছে বুলি মন্তব্য কৰে পৰ্যটকগৰাকীয়ে । ডেকা কালতে বুলেট চলোৱাৰ কথা সুঁৱৰি উঠে তেওঁ ৷ বৰ্তমানৰ মটৰচাইকেলখনত উঠি চাই যদিও কাৰিকৰী সাল-সলনিৰ চলাব নোৱাৰিলে তেওঁ । সংবাদকৰ্মীজনৰ লগতে কিছু দূৰলৈ আৰোহী হৈ উঠি আনন্দ লয় বিদেশী পৰ্যটকজনে ।

লগতে পঢ়ক : মহাবাহু বুকৱেদি কলিয়াবৰৰ শিলঘাটত উপস্থিত এঘাৰ পৰ্যটকৰ দল

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.