Fire in Gohpur: তেলেনীত অগ্নিকাণ্ডত বাসগৃহ-বাহন ভষ্মীভূত

By ETV Bharat Assamese Team

Published : Aug 30, 2023, 1:23 PM IST

thumbnail

বিশ্বনাথ, ৩০ আগষ্ট : গহপুৰ মহকুমাৰ হেলেম আৰক্ষী থানাৰ অন্তৰ্গত মেইলবজাৰৰ তেলেনীত মঙলবাৰে নিশা সংঘতিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড । উক্ত অগ্নিকাণ্ডত গোবিন্দ প্ৰধান নামৰ লোকজনৰ বাসগৃহ ভষ্মীভূত হয় । অগ্নিকাণ্ডৰ ফলত বাসগৃহৰ উপৰি এখন মেজিক বাহন, স্কুটীসহ বহুতো সা-সম্পত্তি, নথি-পত্ৰ বিনষ্ট হয় ।

অগ্নি নিৰ্বাপক বাহিনীৰ লগত যোগাযোগ কৰা হৈছিল যদিও অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী আহি পোৱাৰ পূৰ্বেই সম্পূৰ্ণ ৰূপে জুইত ভষ্মীভূত হয় বাসগৃহটো । কিদৰে জুইৰ সূত্ৰপাত হৈছে সেইবিষয়ে জানিব পৰা নাই যদিও বৈদুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে উক্ত অগ্নিকাণ্ড সংঘতিত হোৱাৰ আশংকা কৰিছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক:INDIA Alliance Mumbai Meet : ইণ্ডিয়া মিত্ৰজোঁটৰ মুম্বাই বৈঠক; এখন পতাকা, এটা প্ৰতীকৰ ওপৰত কৰিব আলোচনা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.