Murder at Dhalpur : লখিমপুৰৰ ধলপুৰত পিতৃৰ দাৰ ঘাপত প্ৰাণ গ’ল পুত্ৰৰ

By ETV Bharat Assamese Team

Published : Nov 10, 2023, 10:01 PM IST

thumbnail

বিহপুৰীয়া, 10 নৱেম্বৰ : লখিমপুৰ জিলাৰ ধলপুৰৰ বৰাচুকত শুকুৰাৰে সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড । পিতৃয়ে দাৰে ঘপিয়াই হত্যা কৰিলে নিজ পুত্ৰক । প্ৰত্যক্ষদর্শীৰ মতে বিনা অনুমতিত এজোপা গছ কটাৰ বাবেই নিজ পুত্ৰক দাৰে ঘপিয়াই পিতৃয়ে হত্যা কৰা বুলি জানিব পৰা গৈছে । 

বৰ্তমান ধলপুৰ আৰক্ষীয়ে আটক কৰিছে হত্যাকাৰী পিতৃ ভূধৰ দাসক (৫৫) । পিতৃয়ে হত্যা কৰা লোকজনৰ নাম চিনু দাস (৩৫) ওৰফে ইন্দ্ৰ বুলি জানিব পৰা গৈছে । ঘটনা সংঘটিত হোৱাৰ পিছতেই ঘটনাস্থলীত ততাতৈয়াকৈ ধলপুৰ আৰক্ষী চকীৰ আৰক্ষীৰ দল উপস্থিত হয় ।

ইতিমধ্যে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে আৰক্ষীয়ে প্ৰেৰণ কৰিছে । উক্ত ঘটনাৰ পাচতেই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যই বিৰাজ কৰিছে ৷

লগতে পঢ়ক : Love revenge: প্ৰেমৰ প্ৰতিশোধ ল’বলৈ গৰু হত্যা কৰি পুতি থোৱাৰ জঘন্য অভিযোগ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.