Fake gold smugller arrested: গুৱাহাটীত নকল সোণসহ গ্ৰেপ্তাৰ 5 সৰবৰাহকাৰী

By

Published : Dec 4, 2022, 12:52 PM IST

Updated : Feb 3, 2023, 8:34 PM IST

thumbnail

ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে নকল সোণৰ ৰমৰমীয়া বেহা (Fake gold smuggling in Assam) ৷ একাংশ অসাধু চক্ৰই ৰাজ্যত অব্যাহত ৰাখিছে নকল সোণৰ সৰবৰাহ আৰু বিক্ৰী ৷ এইবাৰ গুৱাহাটী মহানগৰীৰ হাতীগাঁৱত নকল সোণসহ গ্ৰেপ্তাৰ হ’ল সৰবৰাহকৰী (Fake gold smugller arrested) । হাতীগাঁও আৰক্ষীয়ে অভিযান চলাই শনিবাৰে নিশা ৫ টাকৈ নকল সোণ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে । নকল সোণ সৰবৰাহকাৰী কেইটাই বিভিন্নজনৰ পৰা প্ৰৱঞ্চনাৰে সৰকাইছিল ধন । আচল সোণ দিয়াৰ চলেৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত চক্ৰটোৱে পেলাইছিল প্ৰৱঞ্চনাৰ জাল (Fake gold recovered)। সৰবৰাহকাৰী কেইটাৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে নকল সোণৰ নাও (Fake gold boat) ৷ ধৃত সৰবৰাহকাৰী কেইটা নাওবৈছাৰ হাচেন আলী, শালবাৰীৰ চিৰাজুল আলী, লখিমপুৰৰ চাহিদল ইছলাম, ঝাৰখণ্ডৰ সন্তোষ ভঁৰাল আৰু ঝাৰখণ্ডৰ মুকেশ কুমাৰ । উল্লেখ্য যে, শেহতীয়াকৈ লখিমপুৰত অতি সক্ৰিয় হৈ পৰিছে নকল সোণৰ ব্যৱসায়ী চক্ৰ ৷ লখিমপুৰ জিলাৰ পৰাই ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ সৰবৰাহ কৰা হয় নকল সোণ ৷

Last Updated : Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.