Fake Currency Seized : মহানগৰীৰ দক্ষিনগাঁৱত নকল নোটসহ বহু পৰিমাণৰ সামগ্ৰী জব্দ এছ টি এফৰ

By ETV Bharat Assamese Team

Published : Oct 13, 2023, 10:54 PM IST

thumbnail

গুৱাহাটী, ১৩ অক্টোবৰ : মহানগৰীত পুনৰ এছ টি এফৰ অভিযান ৷ অভিযানত মহানগৰীৰ দক্ষিনগাঁৱত নকল নোটসহ নকল নোট প্ৰস্তুত কৰা বহু পৰিমাণৰ সামগ্ৰী জব্দ এছ টি এফৰ ৷ দক্ষিনগাঁৱৰ মুনীন্দ্ৰ হাজৰিকা নামৰ এজন লোকৰ ভাড়াঘৰৰ কোঠাত অভিযান চলাই জব্দ কৰে সামগ্ৰীসমূহ ৷

জানিব পৰা মতে বৃহৎ পৰিমাণৰ নকল নোট প্ৰস্তুতৰ বাবে একগোট হৈছিল এটা পাঁচজনীয়া সৰবৰাহকাৰী চক্ৰ ৷ তেনে সময়তে এক গোপন খবৰৰ ভিত্তিত এছ টি এফৰ এটা দলে অভিযান চলায় গ্ৰেপ্তাৰ কৰে পাঁচজনীয়া দলটোক ৷

গ্ৰেপ্তাৰ হোৱা লোককেইজন ক্ৰমে উত্তৰ লক্ষীমপুৰৰ নিজাম আলী, হাফিজুৰ ৰহমান, আব্দুল ৰজ্জাক, মুনীন্দ্ৰ হাজৰিকা আৰু হাতীগাঁৱৰ অতিকুৰ ৰহমান ৷ আনহাতে অভিযানকাৰী দলটোৱে নকল নোট প্ৰস্তুত কৰা সামগ্ৰীৰ লগতে জব্দ কৰে AS 01 AR 1918 নম্বৰৰ এখন স্কৰপিঅ’ বাহন ৷ লগতে এছ টি এফৰ অভিযানকাৰী দলটোৱে নকল নোট প্ৰস্তুত কৰা চক্ৰটোক হাতীগাঁও থানালৈ লৈ আনি ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰিছে ৷ সম্প্ৰতি চক্ৰটোক মাৰাথন জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ 

লগতে পঢ়ক : Fire breaks out : মাকুমৰ নতুন গান্ধীনগৰত বিধ্বংসী অগ্নিকাণ্ড, জাহ গ’ল ৪ টাকৈ বাসগৃহ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.