Fake currency seized: নকল টকা বনোৱা মেছিনসহ বিশ্বনাথত গ্ৰেপ্তাৰ 5

By ETV Bharat Assamese Team

Published : Nov 11, 2023, 7:01 AM IST

thumbnail

বিশ্বনাথ, 11 নৱেম্বৰ : শুকুৰবাৰে বিশ্বনাথ আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই নকল টকা বনোৱা মেছিনসহ পাঁচটা গ্ৰেপ্তাৰ কৰে ৷ ধৃতকেইটা ক্ৰমে বিহপুৰীয়াৰ ফজলুৰ ৰহমান, মিনাৰা বেগম, বাবুল হুছেইন, চিলাপথাৰৰ অজয় বিশ্বকৰ্মা আৰু গুৱাহাটীৰ ছয় মাইলৰ অজিত গগৈ বুলি জানিব পৰা গৈছে  ৷ 

অজিত গগৈ গুৱাহাটীৰ এটা প’ৰ্টেল চেনেলৰ মুখ্য সম্পাদক আৰু ফজলুৰ ৰহমান প’ৰ্টেল চেনেলটোৰ সাংবাদিক বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ জানিব পৰা মতে, বাবুল হুছেইনে প্ৰাণজিৎ ট্ৰেভেলছৰ এখন নৈশ বাছত আহিছিল আৰু বাছখনৰ পিছে পিছে বাকীকেইটা এখন ৱেগনাৰ বাহনত আহিছিল ৷ 

নকল টকা বনোৱা মেছিনটোৰ সৈতে AS 01 MC7309 নম্বৰৰ ৱেগনাৰ গাড়ীখন জব্দ কৰিছে আৰক্ষীয়ে । লক্ষীমপুৰৰ পৰা গুৱাহাটী অভিমুখে আহি থকাৰ সময়তে আৰক্ষীৰ জালত পৰে দলটো ৷

লগতে পঢ়ক: Theft in Dergaon : দেৰগাঁও থানাৰ নিচেই কাষৰ পৰা চোৰে লৈ গ’ল নগদ ধন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.