Man Elephant conflict in Assam: বিহালীত নিশা বনৰীয়া হাতীয়ে ভাঙিলে কেইবাটাও ঘৰ

By

Published : Aug 11, 2023, 1:30 PM IST

thumbnail

বিহালী ,১১ আগষ্ট:বিহালীত দীৰ্ঘদিনৰ পৰা বনৰীয়া হাতীৰ তাণ্ডৱত সন্ত্ৰস্ত হৈ আহিছে ৰাইজ । ইয়াৰ মাজতেই শুকুৰবাৰে পুৱতি নিশা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ পৰা ওলাই অহা প্ৰায় ৩০-৪০ জনীয়া বনৰীয়া হাতীৰ জাকে বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত গাংমৌথান গাঁও পঞ্চায়তৰ মাজগাঁৱত সন্ত্ৰাস চলায় ।  

হাতীৰ জাকটোৱে খাদ্যৰ সন্ধানত ওলাই আহি মাজগাঁও অঞ্চলৰ দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া প্ৰেম প্ৰসাদ উপাধ্যায়, অমৰ বাহাদুৰ চাৰ্কি, ৰুচাল বিশ্বকৰ্মা ঘৰ, পাকঘৰ, গোহালি ভাঙি খাদ্য শস্য, আচবাব আদিৰ অনিষ্ট সাধন কৰে । সপোনৰ ঘৰখনৰ হাতীয়ে ভঙা দৃশ্য প্ৰত্যক্ষ কৰি কোনোমতে নিজৰ প্ৰাণ ৰক্ষা কৰে পৰিয়াল কেইটাইৰ সদস্য়সকললে । অতি দৰিদ্ৰ পৰিয়াল কেইটাই চৰকাৰ, প্ৰশাসন তথা পঞ্চায়ত প্ৰতিনিধি সাহাৰ্য আগবঢ়াবলৈ আহ্বান জনাইছে ।

লগতে পঢ়ক: Gas pipe crack: হাবিচুকত পাইপ ফাটি নিৰ্গমন গেছ, OIL ৰ গুৰুত্বহীনতাৰ অভিযোগ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.