যৌতুকৰ বাবে মহিলাক হত্য়াৰ অভিযোগ, গ্ৰেপ্তাৰ অভিযুক্ত - Charges of Murder for Dowry - CHARGES OF MURDER FOR DOWRY

🎬 Watch Now: Feature Video

thumbnail
যৌতুকৰ বাবে মহিলাক হত্য়া ! (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : September 21, 2024 at 9:04 PM IST

2 Min Read
Choose ETV Bharat

শিলচৰ, ২১ছেপ্টেম্বৰ : শিলচৰৰ আউলিয়া বজাৰত যৌতুকৰ বাবে এগৰাকী মহিলাক হত্য়া কৰাৰ অভিযোগ উত্থাপিত হৈছে । ৰুকন উদ্দিন বৰভূঞা নামৰ লোকজনৰ বিৰুদ্ধে উত্থাপিত এই অভিযোগ । নিহত মহিলাগৰাকীৰ পৰিয়ালৰ লোকে এই অভিযোগ উত্থাপন কৰিছে । স্বামীৰ লগতে তেওঁৰ পৰিয়ালৰ আন সদস্য়ই মাহজবীন লস্কৰ নামৰ মহিলাগৰাকীক হত্য়া কৰাৰ অভিযোগ উত্থাপিত হোৱাৰ পিছতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত ৰুকন উদ্দিনক ।

উত্থাপিত অভিযোগ মতে,কেইবছৰমান পূৰ্বে মাহজবীন লস্কৰৰ শিলচৰ আউলিয়া বজাৰৰ ৰুকন উদ্দিনৰ লগত বিবাহ হৈছিল । বিবাহৰ পিছৰে পৰাই যৌতুকৰ দাবীত মহিলাগৰাকীক নিৰ্যাতন চলাই আহিছিল স্বামীসহ পৰিয়ালৰ লোকসকলে । সেইবাবে কেইবাৰো মহিলাগৰাকী পিতৃগৃহলৈ উভতি আহিছিল ৷

নিহত মহিলাগৰাকীৰ পিতৃয়ে এই ঘটনাটোৰ বিষয়ে উল্লেখ কৰি কয়,"পৰহি হঠাৎ স্বামী ৰুকন উদ্দিনে ফোন কৰি আমাক কয় মাহজবীনে পাকঘৰত ভাত ৰন্ধাৰ সময়ত চিলিণ্ডাৰ বিস্ফোৰণ হৈ গুৰুতৰভাৱে আহত হৈ শিলচৰ চিকিৎসা মহাবিদ্য়ালয় হাস্পতালৰ আই চি ইউত চিকিৎসাধীন হৈ আছে । "

এই খবৰ পোৱাৰ লগে লগে পিতৃ গৈ উপস্থিত হয় শিলচৰ চিকিৎসা মহাবিদ্য়ালয় হাস্পতালত । তাত তেওঁ প্ৰত্যক্ষ কৰে তেওঁৰ কন্যাৰ মৃতদেহ । পিছত আৰক্ষীৰ সহযোগত পিতৃয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষা কৰাই চমজি লয় । ইপিনে, নিহত মহিলাগৰাকীৰ পিতৃয়ে তেওঁৰ কন্যাক স্বামী গৃহৰ লোকে যৌতুকৰ বাবে জ্বলাই হত্যা কৰিছে বুলি অভিযোগ উত্থাপন কৰি শিলচৰ সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত স্বামীক ।

লগতে পঢ়ক:যৌতুকৰ বাবেই হত্যাৰ অভিযোগ, স্বামীৰ পৰিয়ালৰ মতে এয়া আত্মহত্যা - Charges of Murder for Dowry

যৌতুকৰ দাবী পূৰণ নকৰাৰ বাবেই গৰ্ভৱতী মহিলাক হত্যা : গোচৰ ৰুজু স্বামী পৰিয়ালৰ বিৰুদ্ধে - WOMAN MYSTERIOUS DEATH IN CACHAR

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details