Durga Puja 2023: তেজপুৰ মাৰোৱাৰী ধৰমশালা দুৰ্গা পূজা সমিতিয়ে উদযাপন কৰিব ৰূপালী জয়ন্তী

By ETV Bharat Assamese Team

Published : Oct 17, 2023, 11:05 PM IST

thumbnail

তেজপুৰ,17 অক্টোবৰ : শাৰদীয় দুৰ্গা পূজালৈ মাজত মাত্ৰ কেইটামান দিন ৷ তেজপুৰতো ব্যাপক প্ৰস্তুতি চলাইছে পূজা কমিটিসমূহে ৷ এইবাৰ তেজপুৰ মাৰোৱাৰী ধৰমশালা দুৰ্গা পূজা সমিতিয়ে উদযাপন কৰিব ৰূপালী জয়ন্তী ৷ বিগত সময়ত মৰোৱাৰী ধৰমশালাত অনুষ্ঠিত কৰা পূজাখন এইবাৰ প’ল ফিল্ডত অনুষ্ঠিত কৰা হ'ব ৷ ক’ভিডৰ বাবে ৰূপালী জয়ন্তী উদযাপন কৰিব পৰা হোৱা নাছিল যদিও এইবাৰ ইয়াৰ আয়োজন কৰা হৈছে বুলিও জানিবলৈ দিয়ে আয়োজক কমিটিয়ে ৷

তেজপুৰৰ ঐতিহ্য-সংস্কৃতিক উদ্ভাসিত কৰিব পৰাকৈ পূজাখনৰ আয়োজন চলিছে বুলি সদৰী কৰে আয়োজকসকলে ৷ তেওঁলোকে কয় যে, নাম মাৰোৱাৰী হ’লেও তেজপুৰৰ সুনাম সংস্কৃতি ৰক্ষাৰে পূজাখন অনুষ্ঠিত কৰা হ’ব ৷ 20 অক্টোবৰত পুৱা পতাকা উত্তোলনৰ পাচতে 108 টা কলহৰে গণেশ ঘাটৰ পৰা প’ল ফিল্ডলৈ এক কলহ যাত্ৰা কৰাৰ পিচত বিধিসন্মত ভাবে বেলবৰণৰ পূজা কৰা হ’ব ৷ 

আনহাতে ডিজনিলেণ্ড আৰ্হিৰ মণ্ডপ আৰু আলোকসজ্জা কৰা হ’ব ৰাম মন্দিৰৰ আৰ্হিত ৷ 40×30 ফুটৰ এই আৰ্হি প্ৰদৰ্শনৰ ওপৰিও এইবাৰ পূজাৰ প্ৰতিমা 17 ফুট উচ্চতাৰ হ’ব ৷ ঢেকিয়াজুলিৰ পৰা অনা হ’ব এই প্ৰতিমা ৷ ইতিমধ্যে প’ল ফিল্ডৰ কাষৰ সকলো ৰাইজৰ সহযোগ বিচৰা হৈছে আৰু ৰাইজৰ সহযোগত পূজাখন শৃংখলিত ভাবে সম্পন্ন হ’ব বুলি আশা প্ৰকাশ কৰে আয়োজকসকলে ৷ 20 লাখ টকা বাজেটৰ পূজাখনত ঢাকী কোচবিহাৰৰ পৰা আমন্ত্ৰণ জনোৱাৰ লগতে ৰামায়ণৰ সুন্দৰকাণ্ড পৰিৱেশন কৰা হ’ব বুলি জানিবলৈ দিয়ে আয়োজক কমিটিয়ে  ৷ 

লগতে পঢ়ক:River Cruise in Tezpur: ব্ৰহ্মপুত্ৰ বুকুৰে ভ্ৰমণ কৰি উপভোগ কৰক ঊষানগৰীৰ সৌন্দৰ্য

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.