Drugs seized at Samoguri: জব্দ কৰিবলৈ গৈছিল ড্ৰাগছ; জালত পৰিল সৰবৰাহকাৰীৰ লগতে গৰু চোৰ

By

Published : Apr 7, 2023, 10:32 PM IST

thumbnail

নগাঁও, 7 এপ্ৰিল : ৰাজ্যজুৰি নিচাযুক্ত সামগ্ৰীৰ লগতে চোৰাং সৰবৰাহৰ বিৰুদ্ধে কঠোৰ অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ দিনক দিনে নগাঁও জিলাৰ চামগুৰিত বৃদ্ধি হৈছে নিচাযুক্ত সামগ্ৰীৰ অবাধ সৰবৰাহ ৷ শুকুৰবাৰে চামগুৰি আৰক্ষীয়ে ড্ৰাগছ বিচাৰি আহোঁতে এটা গৰু চোৰকো আটক কৰিবলৈ সক্ষম হয় (Peddler along with cow thief detained) ৷  

চামগুৰিৰ সোণাৰী বালিৰ কলংপাৰত অভিযান চলাই চামগুৰি আৰক্ষীয়ে ১১.৩৩ গ্ৰাম ড্ৰাগছসহ সৰবৰাহকাৰী আৰু এটা গৰু চোৰক আটক কৰিবলৈ সক্ষম হয় (Drugs seized at Samoguri) ৷  ধৃত সৰবৰাহকাৰীটো চাইফুল ইছলাম আৰু গৰু চোৰটো মনোজ বসুমতাৰী বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷ কলংপাৰৰ চাইফুল ওৰফে চাইকোল ইছলামৰ বাসগৃহত আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছখিনি উদ্ধাৰ কৰে ৷ 

ইয়াৰোপৰি চাইফুলৰ বাসগৃৰ পৰা বহুদিনৰ পৰা আৰক্ষীয়ে বিচাৰি থকা গৰু চোৰটোকো আটক কৰে (Cow thief detained at Samoguri) ৷ গৰু চুৰিকাণ্ডৰ লগত জড়িত মনোজ বহু দিন ধৰি আৰক্ষীৰ পৰা পলাই ফুৰিছিল ৷ উল্লেখযোগ্য যে, কেইদিনমান পূৰ্বে গৰু চুৰিৰ গোচৰত জেইলৰ পৰা মুকলি হৈ আহিছিল সৰবৰাহকাৰী চাইফুল ৷

লগতে পঢ়ক: Murder case in Cooch Behar : প্ৰেমৰ সম্পৰ্ক প্ৰত্যাখ্যান, প্ৰেমিকাৰ পৰিয়ালক নৃশংসভাৱে হত্যা যুৱকৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.